Water Supply Pipeline Burst In Hatigaon Chariali:পুনৰ মহানগৰীত ফুটিল জাইকাৰ পানীৰ পাইপ

হাতীগড় চাৰিআলিত ফুটিল পানীৰ পাইপ

BRUST

Water Supply Pipeline Burst In Hatigaon Chariali:

মহানগৰীৰ য’তে ত’তে জাইকাৰ পানীৰ পাইপ ফুটাটো নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে ৷

গেমন-জাইকাৰ কাণ্ডঞ্জানহীনতাৰ ফল ভোগিছে মহানগৰবাসীয়ে ৷ সোমবাৰে দুপৰীয়া হাতীগাঁও চাৰিআলিত জাইকাৰ পানীৰ পাইপ ফুটি এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ বহু কেই খন ব্যৱসায়িক প্ৰতিষ্ঠান পানীৰ বাবে দিনটো বন্ধ ৰাখিবলগীয়া হয় ৷

উল্লেখ্য যে,২৫ মে’ত মহানগৰীৰ খাৰঘুলিৰ জয়পুৰত গেমন-জাইকাৰ পানী পৰিবাহী পাইপ বিস্ফোৰিত হৈ এক ভয়ংকৰ পৰিবেশৰ সৃষ্টি হৈছিল ৷ মুহূৰ্ততে পানীৰ ঢলে উটুৱাই নিয়ে বহু বাসগৃহ, ৰাজপথ ৷ একেদৰে মৃত্যু হয় এগৰাকী মহিলা ৷ আহত হয় ৩০ জনকৈ লোক ৷

ইয়াৰ পাছতো শিকনি নহ’ল গেমন-জাইকাৰ ৷ মালিগাঁও,চানমাৰি সহ মহানগৰীৰ বহু কেইটা অঞ্চলত পানীৰ পাইপ ফুটি কৃত্ৰিম বানৰ সৃষ্টি হৈছিল ।

Exit mobile version