Heroin Seized In Cacher:কাছাৰৰ লাইলাপুৰত হেৰ’ইন জব্দ

গ্ৰেপ্তাৰ মণিপুৰৰ‌ দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰী

kachar police

Heroin Seized In Cacher:

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীয়ে অভিযান অব্যাহত থকাৰ মাজতে সোমবাৰে নিশা গোপন খবৰৰ ভিত্তিত তালাচী চলাই বুজন পৰিমাণৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ৷

সোমবাৰে নিশা লাইলাপুৰত লাইলাপুৰ আৰু ধলাই আৰক্ষীয়ে নিয়মীয়া তালাচীৰ সময়ত এখন ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা ৬০টা চাবোনৰ বাকচ পৰা উদ্ধাৰ কৰে ৯০০ গ্ৰাম হেৰ’ইন ৷

নিষিদ্ধ হেৰ’ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে আটক কৰে মণিপুৰৰ পূব ইম্ফল জিলাৰ খুলক ফৰ ইবঙ নামৰ দুৰ্ধৰ্ষ সৰবৰাহকাৰীক । আৰক্ষী সূত্ৰে জানিব পৰা মতে জব্দকৃত হেৰ’ইন খিনিৰ মূল্য প্ৰায় ৫ কোটি টকা ৷

আনহাতে মণিপুৰৰ দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰীজনক জেৰা কৰিবৰ বাবে এছ পি নোমাল মাহাত্তা লাইলাপুৰত উপস্থিত হৈ মাৰাথন জেৰা চলাই ৷ জেৰাত সৰবৰাহকাৰীজনে স্বীকাৰ কৰা মতে , হেৰ’ইনখিনি মণিপুৰৰ পৰা আনি কাছাৰৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল ৷

আনহাতে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি কাছাৰ আৰক্ষীৰ এই সাফল্যক উচ্চ প্ৰশংসা কৰে ৷

Exit mobile version