Gruesome Murder In Medhipara In Udalguri: ওদালগুৰিত মেধিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড

কাঠকটা মেচিনেৰে নৃশংসভাৱে হত্যা ৮ বছৰীয়া শিশুক কণমানি, কণমানি কিশোৰীয়ে বৰ্ণনা কৰিলে শিহৰণকাৰী ঘটনা

muder kokrajhar

Gruesome Murder In Medhipara In Udalguri:

এক নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে বিটি আৰৰ ওদালগুৰিৰ মেধিপাৰাত ৷ কাঠ কটা মেচিনেৰে নৃশংসভাৱে এটি ৮ বছৰীয়া কিশোৰক হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

এই লোমহৰ্ষক হত্যাৰ প্ৰত্যক্ষদৰ্শী এটি কণমানি কিশোৰীয়ে সমস্ত ঘটনা বিৱৰণ দাঙি ধৰিছে ৷ যি কথা শুনিলে আপুনিও কপি উঠিব ।

এই ঘটনাৰ স্থান ওদালগুৰি মেধিপাৰা ৷ সংঘটিত হৈছিল দেওবাৰে। সাপমাৰি আৰক্ষী চকীৰ অন্তৰ্গত মেধিপাৰা গাঁৱৰ আজাত আলীৰ ৮ বছৰীয়া পুত্ৰ ৰছিদ আনছাৰিক অবৈধ কাঠ মিলৰ কৰ্মচাৰী মজনু আলীয়ে অতি নৃশংসভাৱে হত্যা কৰাৰ গুৰুত্বৰ অভিযোগ উদ্থাপিত হৈছে ।

উল্লেখ্য যে, চাক্ষুষ প্ৰত্যক্ষদৰ্শী কণমাণি কিশোৰী আৰু পৰিয়ালে সদৰি কৰা মতে যোৱা দেওবাৰে আজাত আলীৰ ঘৰৰ পিছফালে থকা মেচাৰ্ছ আকতাৰ ফাৰ্ণিছাৰ এ টিম্বাৰ শ্বপ নামৰ অবৈধ কাঠ ফলা মিলটোত ৮ বছৰীয়া ৰছিদ আনছাৰিয়ে ক্ৰিকেট বেট বনাবলৈ গৈছিল।

কিন্ত সেই সময়ত মিলত কৰ্মৰত হৈ থকাৰ মিলৰ কৰ্মচাৰী মজনু আলীয়ে বিদ্যুৎ চালিত কাঠ কাটাৰৰে কণমানি ল’ৰাজনৰ মূৰত হেচি ধৰে ৷ আনহাতে সেই সময়ত এই লোমহৰ্ষক কাণ্ড প্ৰত্যক্ষ কৰি থকা এগৰাকী কণমানি কিশোৰীয়ে দেখি চিঞৰ- বাখৰ কৰাত মজনুৰ আলী সেই স্থানৰ পৰা পলায়ন কৰে ৷

বিদ্যুৎ চালিত কাঠ কাটাৰৰ আঘাতত তেজেৰে তুমৰলি হৈ পৰা আঠবৰ্ষীয় শিশুটিক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও আদবাটতে শেষ নিশ্বাস ত্যাগ কৰে ।
ইতিমধ্যে এই চাঞ্চল্যকৰ ঘটনা সদৰি হোৱাৰ লগে লগে সমগ্ৰ মেধিপাৰা গাঁৱত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷

ঘটনাৰ খবৰ লাভ কৰি দুৰ্ভগীয়া শিশুটিৰ বাসগৃহত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি চিভিল হাস্পতাললৈ প্ৰেৰণ কৰে ৷ পাচত মৃতদেহ পৰিয়ালৰ হাতত চমজাই দিয়াৰ পাচতে পৰিয়ালৰ লোকে ৰাইজৰ উপস্থিতিত সম্পন্ন কৰে জানাজা ৷

উল্লেখ্য যে,লোমহৰ্ষক হত্যাকাণ্ডৰ তিনিদিন অতিক্ৰম কৰাৰ পাছতো দুৰ্ভগীয়া পৰিয়ালটিয়ে ঘটনা সন্দৰ্ভত থানাত এজাহাৰ দাখিল কৰাৰ পৰা বিৰত আছিল ৷ জানিব পৰা মতে,একাংশ চোৰাং কাঠ সৰবৰাহকাৰী আৰু অবৈধ কাঠকটা মিলৰ স্বত্বাধিকাৰ মইনুল হকে দুৰ্ভগীয়া পৰিয়ালটোক মেনেজ কৰাৰ বাবে চেষ্টা চলাই ৷

এনে ঘটনাক্ৰমৰ মাজতে স্থানীয় সাংবাদিকে লোমহৰ্ষক হত্যাকাণ্ডৰ বলী হোৱা শিশুটিৰ দুৰ্ভগীয়া পৰিয়ালটিক সাক্ষাৎ কৰাৰ পাছতে সাংবাদিকৰ সাহসক সাৰথি কৰি হত্যাৰ মুল অভিযুক্ত মজনু আলী, মিলৰ মালিক মইনুল হক আৰু মাৰফত আলীৰ বিৰুদ্ধে এজাহাৰ দিবলৈ থানালৈ যোৱা পথত ৰহস্যজনকভাবে এজাহাৰৰ পৰা নাম বাদ পৰে মইনুল হক আৰু মাৰফত আলীৰ নাম ৷

এইখিনিতে প্ৰশ্ন হয়,কাৰ ছত্ৰছায়াত পৰি নাম সনিবিষ্ট হোৱা এজাহাৰৰ পৰা নাম বাদ পৰিল দুজন অভিযুক্তৰ নাম ৷ ইতিমধ্যে পৰিয়াল আৰু স্থানীয় লোকে দোষীক কঠোৰ শাসৰ দাবী তোলে ৷

উল্লেখ্য যে,মাজবাট আঞ্চলিক বন সংমণ্ডলৰ আৰ্শীবাদত মেধিপাৰাত অবৈধভাৱে গঢ়ি উঠা মেচাৰ্ছ আকতাৰ ফাৰ্ণিছাৰ এ টিম্বাৰ শ্বপ নামৰ অবৈধ কাঠ ফলা মিলটোৱে অবাধ গতিত চলাই গৈছে চোৰাং কাঠৰ বেহা

অঞ্চলটোৰ প্ৰকাণ্ড-প্ৰকাণ্ড পাহাৰীয়া মূল্যবান গছ কাটি তহিলং কৰি আজবাৱ বনোৱাৰ অনুমতি দিয়া হৈছে নেকি আকতাৰ ফাৰ্ণিছাৰ এ টিম্বাৰ শ্বপ নামৰ অবৈধ কাঠ ফলা মিলটোক ৷ এইয়া এতিয়া লাখটকীয়া প্ৰশ্ন মেধিপাৰা সচেতন মহলৰ ৷

Exit mobile version