Today Horoscope: দিনটোৰ ৰাশিফল

horoscope new 1

Today Horoscope: দিনটোৰ ৰাশিফল

মেষ : ভালেৰে আৰম্ভ হ’লেও পিছলৈ সাধাৰণ ক্লেশদায়ক সমস্যা উদ্ভৱ হ’ব পাৰে। নিজৰ দায়িত্ব পালন কৰাৰ চেষ্টা অব্যাহত ৰাখক।

বৃষ : মনলৈ উৎসাহ আহিব। শৰীৰো ভালেৰে পাৰ হ’ব। বিদ্যাত অনুকুল। ভ্ৰমণৰ পৰা লাভ হ’লেও সাৱধান হওক

মিথুন : প্রায় দিশতে মনটো মুকলি লাগিব শৰীৰৰ চিন্তা কম। বন্ধু-বান্ধৱৰ লগত ভালেই লাগিব৷ ভ্ৰমণত পিছে সাৱধান হওক।

কর্কট : দুই-এটা বাধাৰ মাজেৰে দিনটো অগ্ৰগতি কৰিব। ঘৰুৱা দিশত ইটো সিটো থাকিব। শৰীৰ সম্পৰ্কে সাৱধান থাকক।

সিংহ : উন্নত পৰিৱেশ। বিভিন্ন যোগাযোগাদিত আনন্দ পাব। ভ্রমণাদিত বিশেষ অসুবিধা নাপায়। সন্তান সুখ। বিদ্যাত অনুকুল ।

কন্যা : খুব উন্নত পৰিৱেশ নহ’ব। বন্ধু-বান্ধৱৰ শুভ। ব্যক্তিত্ব অক্ষুণ্ণ থাকিব, দাম্পত্যত চিন্তা। বিদ্যাৰ্থীৰ মধ্যম।

তুলা : বিদ্যাত মধ্যম। তথাপি সম্পূর্ণ মুকলি বতৰ নহয় বুলি সাৱধানেৰে আগবাঢ়ক। দাম্পত্যত শুভ।

বৃশ্চিক : হাই কাজিয়াৰ সূত্ৰপাত যেন পালে সেই স্থান ত্যাগ কৰক অথবা তৰ্কৰে বঢ়াই নলৈ ক্ষিপ্ত অৱস্থাক নিয়ন্ত্ৰণ কৰক। ঘৰুৱাত ভাল।

ধনু : আৰ্থিক উন্নতিৰ কাৰক। বিদ্যাত জটিলতা নাপাব। পুৱাৰ ভাগত সাৱধানেৰে মত বিনিমর আদি কৰক। ঘৰুৱা বাধা কম।

মকৰ : শৰীৰ খুব ভালেৰে নাযাব। খৰচ পাতি বৃদ্ধি। হঠাৎ কোনো কথাত ক্ষিপ্ত হ’ব পাৰে। ব্যয়ৰ কাৰক।

কুম্ভ: মনোবল থাকিব। কৰ্মত উৎসাহ থকাত আপোনাৰ প্ৰায়বোৰ কামতে খুত নাথাকিব। শৰীৰ খুব বেয়া বুলিব নোৱাৰি।

মীন : আর্থিকত উন্নত নহয়। ব্যৱসায়তো প্রাপ্ত ধৰণ বাবে অসুবিধাৰ সুন্মখীন হ’ব।

Exit mobile version