Elon Musk Lost $8.7 billion In 24 Hours:ধন তেৰছৰ দিনটোত অথন্তৰ বিশ্বৰ শীৰ্ষ ধন কুবেৰ এলন মাস্কৰ !

ধনতেৰছত ৭,২৫,৪৮,৭৭,৮০,০০০ টকাৰ লোকচান মাস্কৰ

elon musk

Elon Musk Lost $8.7 billion In 24 Hours:

ভাৰতত ধনতেৰছ উপলক্ষে স্বর্ণ অলংকাৰ আদিৰ ব্যাপক ক্রয়-বিক্রয় অব্যাহত আছে। ধনতেৰছৰ সময়ছোৱাত দেশত প্ৰায় ৫০ হেজাৰ কোটি টকাৰ ব্যৱসায়ৰ সম্ভাৱনা আছে।

কিন্তু এনে এক উৎসৱমুখৰ পৰিৱেশৰ মাজতে বিশ্বৰ সবাতোকৈ ধনাঢ্য ব্যক্তি এলন মাস্কে বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হ’ল।

যোৱা ২৪ ঘণ্টাত মাস্কৰ ৮.৭ বিলিয়ন ডলাৰ অর্থাৎ ভাৰতীয় মুদ্ৰাত ৭,২৫,৪৮,৭৭,৮০,০০০ টকাৰ ব্যৱসায়িক ক্ষতি হ’ল। বৈদ্যুতিক গাড়ী নির্মাতা কোম্পানী টেছলাৰ শ্বেয়াৰ মূল্য ৫.৪৬ শতাংশ হ্ৰাসৰ ফলত এই বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হ’ল মাস্ক।

ব্লুমবার্গ ইনডেক্সৰ তথ্য অনুসৰি বৰ্তমানে মাস্কৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ২০২ বিলিয়ন ডলাৰ। বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাত সম্প্রতি ১৬৬ বিলিয়ন ডলাৰৰ সম্পত্তিৰে দ্বিতীয় স্থানত আছে ফ্ৰান্সৰ ব্যৱসায়ী বার্নার্ড আর্ণল্ট।

আনহাতে, ১৬৪ বিলিয়ন ডলাৰৰ সম্পত্তিৰে তৃতীয় স্থানত জেফ বেজ’ছ, ১২৯ বিলিয়ন ডলাৰৰ সম্পত্তিৰে চতুৰ্থ স্থানত বিল গেটছ আৰু ১২৫ বিলিয়ন ডলাৰৰ সম্পত্তিৰে লেৰী এলিছনে পঞ্চম স্থানত আছে।

Exit mobile version