Mayawati-Akhilesh-Kejriwal Ready To Sink Congress In Madhya Pradesh:মধ্যপ্ৰদেশত কংগ্ৰেছ ডুবাইবলৈ সাজু মায়াৱতী-অখিলেশ-কেজৰিৱাল

mp election

Mayawati-Akhilesh-Kejriwal Ready To Sink Congress In Madhya Pradesh:

মধ্য প্ৰদেশত বিধানসভাৰ আসন্ন নির্বাচনত শাসক দল বিজেপি যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। বিগত ১৮ বছৰ ধৰি মধ্য প্ৰদেশত শাসন কৰা বিজেপিৰ চৰকাৰক এইবাৰ কংগ্ৰেছ দলে তীব্র প্রত্যাহ্বান জনাইছে।

একাধিক প্রাক নির্বাচনী সমীক্ষাৰ তথ্য অনুসৰি মধ্য প্ৰদেশত বিজেপিৰ পতন নিশ্চিত। কিন্তু এনে পৰিস্থিতিতে মধ্য প্রদেশ জয়ৰ ক্ষেত্ৰত কংগ্ৰেছক বাট ভেটিবলৈ সাজু হৈ উঠিছে মায়াৱতীৰ বহুজন সমাজ পার্টি আৰু অখিলেশ যাদৱৰ সমাজবাদী পার্টি

২৩০ আসন বিশিষ্ট মধ্য প্ৰদেশত সমাজবাদী পার্টিয়ে ২২৮ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে। একেদৰে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পার্টি (আপ) য়ে ৭০ সমষ্টিত প্রার্থিত্ব প্ৰদান কৰিছে। ইফালে, মায়াৱতীৰ বহুজন সমাজ পার্টিয়ে ১৪৪ সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিছে।

দলটোৱে কংগ্ৰেছৰ ঘাটি হিচাপে পৰিচিত গোৱালিয়ৰ আৰু চম্বলতো প্রার্থী প্রক্ষেপ কৰিছে। ইতিমধ্যে মধ্য প্ৰদেশত কংগ্ৰেছৰ সমানে প্ৰচাৰত তৎপৰ হৈ উঠিছে অখিলেশ, মায়াৱতী আৰু কেজৰিৱালৰ দল তিনিটাই।

ফলত স্বাভাৱিকতে কংগ্ৰেছে ভোট বিভাজনৰ শংকাত ভুগিছে। মধ্য প্ৰদেশৰ উত্তৰ অংশ মূলত কৃষি নিৰ্ভৰ। এই অঞ্চলত সৃষ্টি হোৱা খৰাং পৰিস্থিতিৰ বাবে নিৰ্বাচনৰ প্ৰচাৰত বিজেপি আৰু কংগ্ৰেছক কঠোৰভাৱে সমালোচনা কৰিছে সমাজবাদী পার্টি আৰু বহুজন সমাজ পার্টিয়ে।

ইণ্ডিয়া মৰ্চাৰ সংগী হোৱাৰ পাছতো সমাজবাদী পার্টি আৰু আম আদমী পার্টিয়ে মধ্য প্ৰদেশৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰি ব্যাপক প্ৰচাৰ চলোৱাত স্বাভাৱিকতে কংগ্ৰেছ শংকিত হৈছে।

কংগ্ৰেছক ডুবাবলৈ মায়াৱতী, অখিলেশ আৰু কেজৰিৱালে এইদৰে মধ্য প্ৰদেশত অধিক সংখ্যক সমষ্টিত নিজ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা বুলি অভিযোগ উত্থাপিত হৈছে।

Exit mobile version