Nitanjali Academy’s Annual Dance Festival’2023:নৃত্যাঞ্জলি একাডেমীৰ বাৰ্ষিক নৃত্য অনুষ্ঠান প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত

নৃত্য অৰ্পণম - বাৰ্ষিক নৃত্য উৎসৱ ২০২৩

drance 5

Nitanjali Academy’s Annual Dance Festival’2023:

নৃত্যাঞ্জলি একাডেমীৰ বাৰ্ষিক নৃত্য অনুষ্ঠান প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত ৩ নৱেম্বৰত গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। নৃত্য অৰ্পণম – বাৰ্ষিক নৃত্য উৎসৱ ২০২৩ ৰ এই নৃত্য সন্ধিয়াটিত ভাৰতনাট্যম আৰু সৃষ্টিমূলক নৃত্যৰ পৰিৱেশন আগবঢ়াই নৃত্যাঞ্জলি একাডেমীৰ প্ৰশিক্ষাৰ্থীসকলে।

প্ৰশিক্ষিকা অদিতি চক্ৰৱৰ্তীৰ তত্ত্বাৱধানত এই নৃত্য কেন্দ্ৰটি আৰম্ভ হৈছিল ২০০০ চনত। অনুষ্ঠানটিত নৃত্য আলেখ্য এখনিও মঞ্চস্থ কৰা হয়। নৃত্য সন্ধিয়াটিত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে কবি-গীতিকাৰ কীৰ্তিকমল ভূঞা, গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ অনুষ্ঠান মূৰব্বী অৰূপ কুমাৰ মিশ্ৰ, সংগীত ও নৃত্যশিল্পী ৰাজেন হাজোৱাৰী, কথক নৃত্যশিল্পী বিপুল দাস, সম্পাদক, দৈনিক পূৰ্বোদয় ৰবিশংকৰ ৰবি, গণ সংগীত শিল্পী হুমা

 

অনুষ্ঠানত অতিথি শিল্পী সুস্মিতা ডেকাৰ নৃত্যানুস্থান আৰু নৃত্যাঞ্জলি একাডেমীৰ প্ৰাক্তন চাৰিগৰাকী ছাত্ৰী তথা নৃত্যশিল্পী মধুস্মিতা ভাগৱতী, পৰিস্মিতা ভূঞা, ৰশ্মিৰেখা দাস আৰু ভায়োলিনা মেধিক তথা নৃত্যশ সম্বৰ্দ্ধনা জনোৱা হয়।

অনুষ্ঠানটিত নৃত্যাঞ্জলি একাডেমীৰ ছাত্ৰী অৰুণাচলৰ আগম চোংৰুজুৰ একক অৰুণাচলী নৃত্যও পৰিৱেশন কৰা হয়। অনুষ্ঠানটিত ভালেমান গুণগ্ৰাহী দৰ্শকৰ সমাগম হয়। অনুষ্ঠানটিৰ আত ধৰিছিল ঘোষিকা নম্ৰতা শৰ্মাই।

অনুষ্ঠানটিৰ উদ্বোধনী ভাষণত কবি -গীতিকাৰ কীৰ্তিকমল ভূঞাই এনে অনুষ্ঠানৰ মাধ্যমেৰে শিশু তথা প্ৰশিক্ষাৰ্থীসকলক এটি সাংস্কৃতিক মন দিয়াৰ কথাটো অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে।

অনুষ্ঠানটিত প্ৰায় ৮৯ গৰাকী প্ৰশিক্ষাৰ্থীয়ে ভাৰতনাট্যমৰ গণেশ কীৰ্ত্তনম, পুষ্পাঞ্জলি, আলাৰিপু, যতিস্বৰম, শিৱ কীৰ্ত্তনম, শব্দম তথা সৈনিক শিল্পী বিষ্ণু ৰাভাৰ ৰচিত বিলতে হালিছে ধুনীয়া পদুমীৰ আধাৰত নৃত্য পৰিৱেশন কৰে।

শেষত ‘ব্ৰহ্মপুত্ৰ- আমাৰ আয়ুস ৰেখা’ নৃত্য আলেখ্য এখনিও পৰিৱেশন কৰা হয়। অমৰনাথ ৰচিত মূল হিন্দীৰ অসমীয়া ৰূপান্তৰ, ক’ৰিঅ’গ্ৰাফী, পৰিকল্পনা পৰিচালনা অদিতি চক্ৰৱৰ্তীৰ।

২০০০ চনতে আৰম্ভ হোৱা নৃত্যাঞ্জলি একাডেমী ২০১১ চনত স্বেচ্ছাসেৱী অনুষ্ঠান ৰূপে পঞ্জীয়ন কৰা হৈছিল আৰু শিল্পী প্ৰবীন কুমাৰ নাথ আৰু মনিকা দেৱীৰ সক্ৰিয় অংশগ্ৰহনেৰে তিনিওগৰাকী শিল্পীৰ পৰিকল্পনাৰে বহু কেইটি আন্তৰ্জাতিক তথা ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ সাংস্কৃতিক কৰ্মসূচী সফলভাৱে অনুষ্ঠিত কৰা হৈছে।

শেহতীয়াকৈ দ্য ব্ৰীজ ইণ্ডো বাংলা শিল্পকলা প্ৰদৰ্শনী শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰৰ সহযোগত অনুষ্ঠিত কৰা হৈছিল, ২০১৫ত একেৰাহে ৫০ দিনজোৰা কৰ্মসূচী ‘বৰ্ণ-৫০ দিনজোৰা শিল্প যজ্ঞ’ ৰ আয়োজন কৰা হৈছিল ৰবীন্দ্ৰ ভৱনৰ বাকৰিত, সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত।

বৰ্তমান নৃত্যাঞ্জলি একাডেমীৰ নিয়মীয়া পাঠদান অনুষ্ঠিত হয় গুৱাহাটী ক্লাৱত থকা নৃত্যাঞ্জলি একাডেমীৰ প্ৰশিক্ষণ কেন্দ্ৰত। লগতে ইয়াৰ আন দুটি শাখা গোৱেৰ্ণিকা স্কুল অৱ ফাইন আৰ্টচ্ এণ্ড ক্ৰাফট্চত শিল্পকলাৰ প্ৰশিক্ষণ দিয়া হয় আৰু ‘মৰ্ণিং য়োগা’ ত যোগাসনৰ দৈনিক প্ৰশিক্ষণ আগবঢ়োৱা হয়। প্ৰশিক্ষণ কেন্দ্ৰত শিশুৰ পৰা বয়স্কজনলৈও প্ৰশিক্ষণৰ সুবিধা ৰখা হৈছে।

Exit mobile version