Former NRC Coordinator Pratik Hazela Has Been Summoned By The Kamrup Sessions Judge:এন আৰ চিৰ প্রাক্তন সমন্বয়ক প্রতীক হাজেলালৈ চমন কামৰূপ সত্ৰ ন্যায়াধীশ আদালতৰ

PRATEEK

Former NRC Coordinator Pratik Hazela Has Been Summoned By The Kamrup Sessions Judge:

এন আৰ চিৰ প্রাক্তন সমন্বয়ক প্রতীক হাজেলালৈ চমন কামৰূপ মহানগৰ জিলাৰ সত্র ন্যায়াধীশৰ আদালতৰ ৷ এন আৰ চিৰ বিত্তীয় অনিয়ম সন্দৰ্ভত কেগৰ ৰিপ’ৰ্টত প্ৰকাশ পাইছিল ৷ এই সম্পৰ্কত বিশিষ্ট চলচিত্ৰ প্ৰযোজক তথা সমাজ সচেতক লুইত কুমাৰ বৰ্মনে হাজেলাৰ বিৰুদ্ধে গোচৰ তৰিছিল সত্র ন্যায়াধীশৰ আদালতত ৷

লুইত কুমাৰ বৰ্মনে তৰা গোচৰৰ ভিত্তিত আদালতে প্ৰতীক হাজেলালৈ জাৰি কৰে চমন । আদালতৰ চমন অনুসৰি ১৭ নৱেম্বৰত সোঁ-শৰীৰে আদালতত হাজিৰ হ’ব লাগিব এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক গৰাকী ।

উল্লেখ্য যে,আদালতে ইন্টেইগ্ৰেটেড চাৰ্ভিছ চিষ্টেম আৰু উইপ্ৰ’ লিমিটেডলৈও চমন জাৰি কৰে ৷ অহা ১৭ নৱেম্বৰত উল্লিখিত প্ৰতিষ্ঠান দুটাৰ প্ৰতিনিধি উপস্থিত থাকিব লাগিব আদালতত ৷

মনকৰিবলগীয়া যে,এন আৰ চিৰ প্রাক্তন সমন্বয়ক তথা জ্যেষ্ঠ আই এ এছ বিষয়া প্রতীক হাজেলা নিজ গৃহ ৰাজ্য মধ্য প্ৰদেশত ডেপুটেছনত কৰ্মৰত হৈ আছিল যদিও ইতিমধ্যে ডেপুটেছনৰ ম্যাদ সম্পূৰ্ণ হৈ অসমলৈ উভতি আহিব লাগিছিল যদিও ঘটনাক্ৰমে হাজেলাই স্বেচ্ছামূলক অৱসৰৰ বাবে আবেদন জনাই অসম চৰকাৰক ৷

Exit mobile version