Journey To The village of AAP:গুৱাহাটী লোকসভাত আপৰ গাঁৱলৈ যাত্ৰা কাৰ্যসূচী

অৰবিন্দ কেজৰীৱালৰ বাৰ্তালৈ গাঁৱে গাঁৱে যাব আপৰ কৰ্মী

aap

Journey To The village of AAP:

আম আদমি পাৰ্টী অসমৰ ব্যতিক্ৰমী কাৰ্যসূচী “গাঁৱলৈ যাত্ৰা“, গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত সকলো বিধানসভা সমষ্টিতে অহা ১৯ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব৷ “সবল গাও, উন্নত অসম” শ্লোগানেৰে সমগ্ৰ অসমতে আপ অসমে কৰা এই যাত্ৰা গুবাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত দুধনৈ বিধানসভা সমষ্টিত ১৯ নৱেম্বৰ দেওবাৰে পুৱা ১০ বজাত শুভাৰম্ভ কৰিব আম আদমি পাৰ্টী অসমৰ ৰাজ্যিক সভাপতি ডা: ভবেন চৌধুৰীয়ে ৷

অনুষ্ঠানত ৰাজ্যিক উপসভাপতি জিতুল ডেকা, সম্পাদক ভিক্টৰ গগৈকে ধৰি বহুকেইজন ৰাজ্যিক বিষয়ববীয়াও উপস্থিত থাকিব৷ ধূপধৰাৰ পৰা আৰম্ভ হ’বলগীয়া যাত্ৰাটো এমাহ ধৰি দুধনৈ সমষ্টিৰ প্ৰতিটো চুবুৰীলৈ আগবঢ়াই নিয়া হ’ব ৷

একেদৰে নবগঠিত ছমৰীয়া বিধানসভা সমষ্টিৰ টুপামাৰী পঞ্চায়তত অহা ২০ নৱেম্বৰ সোমবাৰৰ পৰা গাঁৱলৈ যাত্ৰা কাৰ্য্যসূচী ৰূপায়ণ কৰা হ’ব৷ গুৱাহাটী লোকসভা সমষ্টিৰ তত্বাবধায়ক দীপাংকৰ কলিতাই প্ৰকাশ কৰা মতে একেদিনাই আবেলি বকো ছয়গাওঁ বিধানসভা সমষ্টিৰ বামুনীগাওঁত এই কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰিব ৰাজ্যিক সভাপতি  চৌধুৰীয়ে ৷

ইয়াৰ পিছদিনাই পলাশবাৰী আৰু ডিমৰীয়া বিধানসভা সমষ্টিতো গাঁৱলৈ যাত্ৰা কাৰ্য্যসূচী আৰম্ভ কৰা হ’ব৷ বিজ্ঞপ্তিত প্ৰকাশ কৰা মতে গাঁৱলৈ যাত্ৰা কাৰ্যসূচীৰ জড়িয়তে গ্ৰামাঞ্চলৰ জনসাধাৰণৰ সমস্যাৰ বুজ লৈ তাক সমাধানৰ ৰোডমেপ প্ৰস্তুত কৰা আৰু আপ চৰকাৰে দিল্লী পাঞ্জাবত কৰা উন্নয়নমূলক কাম সম্পৰ্কে জনসাধাৰণক অবগত কৰি সকলোৰে দিহা পৰামৰ্শ গ্ৰহণ কৰিব ৷

Exit mobile version