Most Wanted Fraudster Bappa Dey Arrested by Chanmari Police:আৰ্য নগৰৰৰ ম’ষ্ট ৱাণ্টেড প্ৰৱঞ্চক বাপ্পা দে আৰক্ষী জালত

most wanted

Most Wanted Fraudster Bappa Dey Arrested by Chanmari Police:

মহানগৰ আৰক্ষীৰ বাবে মুৰৰ কামোৰণি হৈ পৰা আৰ্য নগৰৰৰ ম’ষ্ট ৱাণ্টেড প্ৰৱঞ্চক বাপ্পা দে অৱশেষত আৰক্ষী জালত পৰে ৷

উল্লেখ্য যে,ফ্লেট দিয়াৰ নামত বহুজনৰ পৰা আটকাধীন প্ৰৱঞ্চকটোৱে বহু ধন লুটি পলায়ন কৰি আছিল ৷ আনহাতে প্ৰৱঞ্চক বাপ্পা দে বিৰুদ্ধে ৰাজ্যৰ বহু থানাত ৰজু হৈ আছে অসংখ্য গোচৰ ৷ ৰজু আছে অপহৰণৰো গোচৰ ৷

যাৰবাবে আৰক্ষীৰ টাৰ্গেটত আছিল ম’ষ্ট ৱাণ্টেড প্ৰৱঞ্চকটো ৷ দীৰ্ঘদিন ধৰি পলায়ন কৰি থকা প্ৰৱঞ্চক বাপ্পা দেক চানমাৰি আৰক্ষীয়ে অতি তৎপৰতাৰে আটক কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে চানমাৰি আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে প্ৰৱঞ্চক বাপ্পাক ৷

Exit mobile version