World Cup Night Incident In Guwahati:বিশ্বকাপৰ নিশা মহানগৰীত অঘটন !

ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি যুৱকৰ মৃত্যু

guwahati youth 1

World Cup Night Incident In Guwahati:

বিশ্বকাপত পৰাজয়ৰ দুখ সহিব নোৱাৰি মহানগৰীত মৃত্যু এজন যুৱকৰ । এই শোকাৱহ ঘটনা সংঘটিত হৈছে সাওকুছিত ৷

দেওবাৰে বিশ্বকাপৰ ভাৰত – অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হাই ভল্টেজ ফাইনেল খেল খনত ভাৰত অষ্ট্ৰেলিয়াৰ হাতত পৰাভূত হোৱাৰ পাছতে আশাহত হয় দেশৰ ক্ৰিকেট প্ৰেমী অনুৰাগীৰ ৷

ভাৰত পৰাস্ত হোৱাৰ পাছতে গুৱাহাটী মহানগৰীত সংঘটিত হয় এক অঘটন ৷ ভাৰত পৰাভূত হোৱাৰ দুখতে মৃত্যু হয় এজন যুৱকৰ ৷

মহানগৰীৰ সাওকুছিৰ মৃণাল মজুমদাৰ নামৰ যুৱকজনে খেল উপভোগ কৰি আছিল নিজ বাসগৃহত ৷ পৰৱৰ্তী সময়ত ভাৰত অষ্ট্ৰেলিয়াৰ হাতত পৰাভূত হোৱাৰ পাছত শোকত ভাগি পৰে যুবকজন ৷

শোকাহত হৈ নিশা পিতৃ-মাতৃৰ বুজনিকো নেওচি নিশাৰ আহাৰ গ্ৰহণ নকৰি শুই পৰে৷ নিশা টোপনি নহাৰ বাবে কে’বাবাৰো বিচনাৰ পৰা উঠিছিল ৷ এনেকুৱা কৰা বাবে নিশা পৰিয়ালৰ লোকে যুৱকজনক কোঠালৈ চাবলৈ যোৱাত অচেতন অৱস্থাত দেখা পাই ৷ ততাতৈয়াকৈ হায়াত হাস্পতাললৈ চিকিৎসাৰ বাবে নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷

আজি পুৱা মৰনোত্তৰ পৰীক্ষাৰ বাবে যুৱকজনৰ মৃতদেহ জি এম চি এইছলৈ প্ৰেৰণ কৰে পৰিয়ালৰ লোকে ৷ সৰবৰহী যুৱকজনৰ আকস্মিক বিয়োগত ভাগি পৰিছে পৰিয়ালৰ লগতে সমগ্ৰ সাওকুছি অঞ্চলবাসী ৷

মৃত মৃণাল মজুমদাৰ বিৰুবাৰীস্থ আইটিআইৰ শিক্ষাৰ্থী আছিল ৷ আনহাতে পৰিয়ালৰ লোকে সদৰি কৰা মতে,যুৱকজন কোনো ৰোগত আক্ৰান্ত নাছিল ৷ সন্দেহ কৰা মতে ভাৰত পৰাভূত হোৱাৰ দুখতে হাৰ্ড ফেইল হৈ মৃত্যু হয় মৃণালৰ ৷

Exit mobile version