Pay Attention To The Child:শিশুটিৰ কথাটো মনোেযােগ দিয়ক:

baby care

Pay Attention To The Child:

সাধাৰণতে শিশুৰ কথাত প্রায়ভাগ পিতৃ-মাতৃয়ে গুৰুত্ব প্ৰদান নকৰে। বৰঞ্চ শিশুটিয়ে ভাও ধৰা বুলি ভাবিহে আওকাণ কৰে। শিশুটিৰ শাৰীৰিক-মানসিক ৰোগ আদিত বিশেষ গুৰুত্ব প্রদান নকৰা বাবে সময়ত ইয়ে জটিল ৰূপ ধাৰণ কৰাৰ আশংকা থাকে ৷

• কেতিয়াবা শিশুটিৰ অসহ্য পেটৰ বিষ হ’লে কান্দিবলৈ ধৰে। মাকৰ গাখীৰ গ্ৰহণৰ পৰা আৰম্ভ কৰি আন খাদ্য খোৱালৈকে সকলো সময়তে যদি পিতৃ-মাতৃয়ে সতর্কতা অবলম্বন নকৰে তেতিয়াহ’লে পেটৰ বিষে জটিল ৰূপ লয়। আনকি অঘটন পর্যন্ত হ’ব পাৰে।

• কেতিয়াবা নাক-কাণত কোনো বস্তু সোমালে বিশেষকৈ পোক, কাঠপেন্সিন, পেঞ্চিল, বুটাম, পিন আদি নাক, কাণৰ ফুটাত শিশুটিৱে নিজেই সুমুৱাই দিয়ে।

এনেদৰে সুমুৱাই দি উলিয়াবলৈ চেষ্টা কৰোতে ভিতৰত বহু দূৰলৈ সোমায় যায়। ফলত কাণৰ পর্দা আদিত আঘাত বেছি হয়। আনকি চিকিৎসালয়লৈ নি অস্ত্রোপচাৰো কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা যায়।

• কিছুমান শিশুৰ শাৰীৰিক বিকাশ স্বাভাৱিক হ’লেও মানসিক বিকাশ নহয়। বয়সৰ লগে লগে মানসিক বিকাশ সমান্তৰালভাৱে নহ’লে পৰৱৰ্তী সময়ত বিভিন্ন সমস্যাই গা করি উঠে। যদি পিতৃ- মাতৃয়ে এনেবোৰ কথাত গুৰুত্ব নিদিয়ে তেন্তে ইয়াৰ কুফল চিৰ জীৱন ভোগ কৰিবলগীয়া হয়। এনেহ’লে চিকিৎসকৰ পৰামৰ্শ গ্রহণ কৰিলে সুফল লাভ কৰাটো সম্ভৱ।

• শিশুটিয়ে মস্তিষ্ক বা চকুত আঘাত পালে শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত ৷

Exit mobile version