Uttarkhand Tunnel Crash Update:অন্তিমক্ষণত উপস্থিত উদ্ধাৰ অভিযান

সুৰংগত আৱদ্ধ ৪১ শ্ৰমিক উদ্ধাৰ বাবে সাজু উদ্বাৰকাৰী দল, এক কিলোমিটাৰ ভিতৰলৈ ৰাওনা চাৰি এম্বুলেন্স !, যিকোনো মুহূৰ্ততে উদ্ধাৰ হ'ব সুৰংগত আৱদ্ধ ৪১ শ্ৰমিক, আবদ্ধ অসমৰ দুই শ্ৰমিক

tunnel

Uttarkhand Tunnel Crash Update:

হিমালয়ান ৰাজ্য উত্তৰা খণ্ডৰ উত্তৰকাশীৰ সুৰংগত সুদীৰ্ঘ সময় আবদ্ধ হৈ থকা ৪১ শ্ৰমিকক যিকোনো মুহূৰ্ততে উদ্ধাৰ বাবে সাজু হৈছে উদ্ধাৰকাৰী দল ৷

ইতিমধ্যে যুদ্ধকালীত তৎপৰতাৰে আৰম্ভ কৰা ড্ৰিলিং সম্পূৰ্ণ কৰাৰ পাছত মঙলবাৰে আবেলি এন ডি আৰএফ আৰু এছ ডি আৰএফৰ উদ্ধাৰকাৰী দল উপস্থিত হৈছে সুৰংগটোৰ ডিলিং সম্পূৰ্ণ কৰা স্থানত ৷

শেহতীয়া খবৰ অনুসৰি সুৰংগটোৰ এক মিটাৰ ভিতৰলৈ সুমাই গৈছে চাৰিখন এম্বুলেন্স সোমাই গৈছে ৷

প্ৰাপ্ত খবৰ অনুসৰি , সুৰংগৰ ভিতৰৰ পৰা উলিয়াই অনা শ্ৰমিক সকলক তাৎক্ষণিকভাৱে চিকিৎসাৰ বাবে সুৰংগটোৰ ভিতৰতে ইতিমধ্যে নিৰ্মাণ কৰা হৈছে ভ্ৰাম্যমাণ জৰুৰীকালীন চিকিৎসালয় । একেদৰে সাজু কৰি ৰখা হৈছে বিশেষজ্ঞ চিকিৎসকৰ এটা দল ৷

আনহাতে সুৰংগত আৱদ্ধ শ্ৰমিকসকলৰ পৰিয়ালৰ বাবে প্ৰশাসনে লৈছে কেতবোৰ ব্যৱস্থা ৷ অত্যাধিক ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ গৰম কাপোৰৰ দিহা কৰি ইতিমধ্যে পৰিয়ালৰ লোক সকলক অৱস্থান কৰাইছে সুৰংগৰ মুখত ৷

মনকৰিবলগীয়া যে,ছিলকিয়াৰা সুৰংগত ১৭ দিন ধৰি আৱদ্ধ শ্ৰমিকক উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখি ৫২ মিটাৰলৈ মেনুৱেলী হৰাইজণ্টেল ড্ৰিলিং সম্পন্ন কৰা অষ্ট্ৰেলিয়ায়ান মাইক্ৰ’ টানেল বিশেষজ্ঞ ক্ৰীছ কুপাৰে ৷

ইতিমধ্যে সদৰি কৰা মতে আজি সন্ধিয়াভাগৰ পৰাই আবদ্ধ শ্ৰমিকসকলক এজন এজনকৈ উলিয়াই অনা হ’ব ৷

আনহাতে শ্ৰমিকসকলক উদ্ধাৰ কৰি চিনিয়ালিছাউৰ চিকিৎসালয়লৈ লৈ যোৱা হ’ব। ইতিমধ্যে শ্ৰমিকৰ বাবে সময়ে সময়ে খাদ্য, পানী আদি যোগান ধৰা হৈ আছে।

উল্লেখ্য যে, উত্তৰকাশীৰ সুৰংগত আবদ্ধ হোৱা কোকৰাঝাৰৰ দুই শ্ৰমিকৰ আত্মীয়ই ইতিমধ্যে বাহৰ পাতি আছে সুৰংগৰ ওচৰত ।

Exit mobile version