Cocaine Seized In Hengerabai:মহানগৰীৰ হেঙেৰাবাৰীত ক্রাইম ব্ৰাঞ্চৰ মাৰাথন অভিযান

ক'কেইনসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ, জব্দ বুজন পৰিমাণৰ নিষিদ্ধ ড্রাগছ

coocane seized

Cocaine Seized In Hengerabai:

অসম আৰক্ষীৰ ক্রাইম ব্ৰাঞ্চৰ এক বৃহৎ অভিযানত জব্দ বুজন পৰিমাণৰ নিষিদ্ধ ক’কেইন ৷ আটক দুই সৰবৰাহকাৰীক ৷

প্ৰাপ্ত খবৰ অনুসৰি অসম আৰক্ষীৰ অপৰাধ শাখা আৰু দিছপুৰ আৰক্ষীৰ যৌথ দল এটাই বিশেষ খবৰৰ ভিত্তিত হেঙেৰাবাৰীত অৰ্তকিতে অভিযান চলাই দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

ধৃত সৰবৰাহকাৰী কেইটাৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ নিষিদ্ধ ক’কেইন ৷ ধৃত সৰবৰাহকাৰী দুটাৰ নাম কুণ্ডন ঠাকুৰ আৰু দিগ্বিজয় নবিশ ৷

ইতিমধ্যে আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুটাক মাৰাথন জেৰা অব্যাহত ৰাখিছে দিছপুৰ আৰক্ষীয়ে ৷

Exit mobile version