Horoscope:দিনটোৰ ৰাশিফল

horoscope

Horoscope:দিনটোৰ ৰাশিফল

মেষ: আগবেলা কোনো ক্ষেত্ৰত নিৰাশ হ’ব পাৰে। অৱশ্যে পিছবেলা তাৰ কিছু ওলোটা ফল দেখিব। প্রয়োজনীয় ক্ষেত্রত সেয়ে সাৱধানে থাকিব। শৰীৰ ভাল হ’লেও উদ্বেগ এৰাব নোৱাৰিব। শুভ বং বঙা, সংখ্যা ৯।

বৃষ: শৰীৰ আৰু পৰিবেশত খুব এটা ভাল প্রভাব নাই। দুশ্চিন্তা থাকিব; কিন্তু সামগ্রিক ফলত কষ্ট নাপাব। দায়িত্বপূর্ণ কামত সক্রিয় সহযোগ হয়তো দিব নোৱাৰিব। বিদ্যাত উৎসাহ। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫।

মিথুন: আজি বহুক্ষেত্রত মজলীয়া ফল আশা কৰিব পাৰে। বিদ্যাতো তদনুরূপ। আর্থিকত যোগাযোগ কৰিলে উপকৃত হ’ব পাৰে। বিদ্যাত কর্ম ব্যস্ততা থাকিব। শুভ ৰং গোলপীয়া, শুভ সংখ্যা ১।

কর্কট: জ্ঞাতি-কুটুম্বৰ বাবে কোনোৰ মনত সন্দেহ হ’ব পাবে। বন্ধুৰ সহায়। প্রেম-প্রীতি চলোৱা সকলে বিবাহৰ কথা ভাবিব পাৰে। ঘৰুৱা মধ্যম। শুভ বং সেউজীয়া, শুভ সংখ্যা ৯।

সিংহ: প্রাপ্য ধন আদায়ৰ সুযোগ পাব। কর্মক্ষেত্রত আকস্মিক কোনো বাধা সুচিত হ’ব। ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত সুফল আশা কৰিব পাৰে। প্রেমত আবেগ। শুভ বং মেৰুণ, শুভ সংখ্যা ৬।

কন্যা: কৰ্মত তৎপৰতা থাকিব। কিন্তু শৰীৰো ভালেৰে নাযাব পাৰে। পঢ়া-শুনাতো বেয়া নহ’ব। প্রেম-প্রীতিত উচিত কথাত বাধা। বিয়াৰ সংকেত। শুভ ৰং মাটিয়া, শুভ সংখ্যা ২।

তুলা: উৎকণ্ঠাৰ দিন হ’লেও আপুনি দৃঢ়তা ৰাখক। আনৰ ওপৰত নিৰ্ভৰ কৰা বৰ ভাল নহ’ব। বিদ্যার্থীয়ে অতি দৰকাৰী পাঠত গুৰুত্ব দিয়ক। ব্যৱসায়ত মধ্যম। প্ৰেমত আনন্দ। শুভ ৰং পাতল হালধীয়া, শুভ সংখ্যা ৩।

বৃশ্চিক: পাৰিবাৰিক কাৰণত মনটো ভালে নাথাকিব। শৰীৰ পূৰ্বৰ তুলনাত শুভ। পিতৃ-মাতৃৰ বাবে সামান্য চিন্তা। দাম্পত্যত কিছু চিন্তা। থাকিব। শুভ বং গেৰুৱা, শুভ সংখ্যা ২।

ধনুঃ ক্রমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ অশান্তি দেখা যায়। দাম্পত্যতো তেনে আভাস আছে। শৰীৰ মধ্যম। বন্ধু- বান্ধৱৰ সংবাদত সুখ। শুভ ৰং বগা, শুভ সংখ্যা ৭।

মকৰ : কিছু আহুকালৰ মাজেদি সদা প্রয়োজনীয় কর্ম সম্পাদিত হ’ব। শৰীৰ ভালে নাযাব পাৰে। যোগাযোগত আশানুরূপ ফল পোৱাত কষ্ট পাব। শুভ ৰং কফি, শুভ সংখ্যা ৬।

কুন্ত: উন্নত পৰিৱেশ অনুভৱ। বিদ্যাত চিন্তিত দেখা যায়। কর্মস্থানত শুভ। ‘আর্থিকত মধ্যম। দূৰ ভ্ৰমণৰ সম্ভাৱনা প্রবল। শুভ বং কমলা। শুভ সংখ্যা ২।

মীন: বন্ধু-বান্ধৱৰ লগত মন খুলি কথা ক’লেও মূল কথা ব্যক্ত নকৰিব। কোনো নভবা প্রসংগই আমনি দিব পাৰে। বিদ্যাৰ চেষ্টাত সুফল। শুভ ৰং বগা। শুভ সংখ্যা ৭৷

Exit mobile version