Cotton University Incident:কটন বিশ্ববিদ্যালয়ত অঘটন !

প্ৰশাসনিক ভৱনৰ দ্বিতীয় মহলাৰ পৰা জঁপিয়ালে ছাত্ৰীয়ে

cotton university

Cotton University Incident:

মহানগৰীৰ মাজমজিয়াত থকা কটন বিশ্ববিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা ৷ বিশ্ববিদ্যালয়খনৰ সদাব্যস্ত প্ৰশাসনিক ভৱনৰ দ্বিতীয় মহলাৰ পৰা মঙলবাৰে দুপৰীয়াভাগতে হঠাতে জঁপিয়ালে এগৰাকী ছাত্ৰীয়ে। ইয়াৰ পাছতে বিশ্ববিদ্যালয় চৌহদত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷

তেজেৰে তুমৰলি হৈ গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰীগৰাকীক ততাতৈয়াকৈ ভৰ্তি কৰা হয় ভঙাগড়স্থ নেমকেয়াৰ হাস্পতালত ৷ আৰক্ষীয়ে ছাত্ৰী গৰাকীয়ে লিখা এটা নোট উদ্ধাৰ কৰিছে । সন্দেহ কৰা মতে,আত্মহনণৰ বাবেই প্ৰশাসনিক ভৱনৰ দ্বিতীয় মহলাৰ পৰা তললৈ জপিয়াইছিল ৷

আনহাতে,আহত ছাত্ৰী গৰাকী উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত অধ্যয়নৰত। ঘৰ গোৱালপাৰাত ৷ প্ৰাপ্ত খবৰ অনুসৰি ছাত্ৰী গৰাকী বিগত দুমাহদিন ধৰি মানসিক ৰোগত আক্ৰান্ত আছিল ৷

Exit mobile version