Horoscope:দিনটোৰ ৰাশিফল

horoscope

Horoscope:দিনটোৰ ৰাশিফল

মেষ: কর্ম আৰু ইচ্ছা শক্তিৰ গতি বৃদ্ধি পাব। শত্ৰুৰ পৰাক্ৰম কমিব। ভ্ৰমণৰ ফলত আনন্দ। নিৱনুৱাৰ কৰ্মসংস্থানৰ কিছু আশা আছে। বিদ্যাত ভালেই দেখা যায়। শুভ ৰং নীলা। শুভ সংখ্যা ৪।

বৃষ: কর্মক্ষেত্রত কোনো নভবা প্রসংগই আমনি দিব পাৰে। মানসিক দিশত জেদ আগ্রহ হ’ব। বিদ্যাত চেষ্টাৰ সুফল পাব। ব্যৱসায়ী সকলৰ নতুন সুযোগৰ আশা। শুভ ৰং বগা। শুভ সংখ্যা ৪।

মিথুন: অস্থিৰতা পাৰিলে বৰ্জন কৰক। শৰীৰ বিশেষ ভাল বুলি ক’ব নোৱাৰি। অৱশ্যে দুই-এক সম্ভাব্য যোগাযোগত মিশ্রিত আনন্দ পাব। ঘৰুৱা চিন্তা থাকিব। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৮।

কর্কট: কর্মক্ষেত্রত উৎসাহ লাভ। কোনো আত্মীয়ৰ পৰা সুসংবাদ পাব পাৰে। কর্মস্থানত যোগ্যতা থাকিব। প্রভাৱশালী ব্যক্তিৰ সান্নিধ্যত আহি উপকৃত হ’ব পাৰে। শুভ ৰং কমলা। শুভ সংখ্যা ৭।

সিংহ: উৎসাহপূর্ণ সংবাদ। মুকলি পৰিৱেশ। ঘৰুৱাতো ভালেই। সন্তান সন্ততিৰ লগত মিলি ভাল পাব। কর্মস্থানত বাধা কম। আর্থিকত নতুন সুযোগৰ আশা। বন্ধুৰ পৰা সুখ। শুভ ৰং কমলা। শুভ সংখ্যা ৯।

কন্যা: মজলীয়া ফল। বাঞ্চিত কর্মত কিছু অগ্রগতি। ভাই-ভনীৰ পৰা মনত কষ্ট পোৱাৰ সম্ভাৱনা, বাকী বিষয়ত ভালেই। দূৰ ভ্ৰমণ ৰাখক। সুসংবাদ লাভ। শুভ ৰং ৰঙা। শুভ সংখ্যা ১।

তুলা: শাৰীৰিক কিছু উন্নত। যোগ্য ব্যক্তিৰ মান-সন্মান প্ৰাপ্তিৰ মৃদু আভাস। ৰাজহুৱা কামতো তদ্রুপ। কর্মক্ষেত্রত কিছু অগ্রগতি লাভ কৰাৰ চেষ্টা কৰক। শুভ ৰং বগা। শুভ সংখ্যা ৭।

বৃশ্চিক: পঢ়াত মধ্যম ফল পাব। কর্মস্থানত ভালেই দেখা যায়। স্বজ্ঞানিক কামত ব্যৱহাৰ কৰিলে উপকৃত হ’ব। পাৰিবাৰিক সমস্যাত বিব্রত হ’ব পাৰে। আৰ্থিকত ব্যয়। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৮।

ধনু: ব্যৱহাৰিক ক্ষেত্ৰত আপোনাৰ দক্ষতা থাকিব। আত্মীয়ৰ বাবে কিছু দুৰ্ভাৱনা থাকিব। বাকী দিশ মোটামুটি ভালেই দেখা যায়। ব্যৱসায়ীৰ উন্নতিৰ আশা আছে। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৩।

মকৰ: পূর্ব দিনৰ তুলনাত আজিৰ দিনটো বহুলাংশে আশাপ্রদ। কোনো কৰ্মৰ ফল স্বৰূপে মনত শান্তি আহিব। মানসিক অযথা চিন্তাক নিয়ন্ত্ৰণ কৰক। শুভ ৰং মেরুণ। শুভ সংখ্যা ৫।

কুম্ভ: বন্ধু-বৰ্গৰ উৎসাহ পাব। বুদ্ধিজীৱীৰ তথা সংস্কৃতি প্ৰেমীৰ অনুকূল। বিদ্যাত বেয়া নহ’ব। কোনোৱে আকস্মিক চিন্তাত পৰিব পাৰে। দাম্পত্যত বুজা-পৰাৰ অভাৱ। শুভ ৰং মাটিয়া। শুভ সংখ্যা ৭।

মীন: সন্তানৰ বাবে সুখ। ঘৰুৱা কাম-কাজৰ লগতে আজি কোনো নতুন চিন্তাৰ সুফল আশা কৰিব পাৰে। ধন প্ৰাপ্তিৰ আশা। অযথা চিন্তা পৰিহাৰ কৰক। প্ৰেমত শুভ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৭।

Exit mobile version