BJP Leader Uday Shankar Hazarika Joins Congress:বিজেপিৰ প্ৰতি মোহভংগ বিজেপি নেতা উদয় শংকৰ হাজৰিকাৰ

কংগ্ৰেছত যোগদান

uday sankar

BJP Leader Uday Shankar Hazarika Joins Congress:

ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সম্পাদক তথা এসময়ৰ আগশাৰীৰ আছু নেতা উদয় শংকৰ হাজৰিকাই বিজেপিৰ প্ৰতি মোহভংগ হৈ যোগদান কৰে কংগ্ৰেছত ৷

মহানগৰীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত হাজৰিকাই গেৰুৱা বসন ত্যাগ কৰি অনুষ্ঠানিকভাৱে যোগদান কৰে কংগ্ৰেছত।

যোগদান সমাৰোহত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু জ্যেষ্ঠ বিধায়ক ৰকিবুল হুছেইন সহ বহু কেইগৰাকী নেতা

উল্লেখ্য যে,সদ্য কংগ্ৰেছী হাজৰিকা ১৯৯৮,৯৯ আৰু ২০০৪ত লখিমপুৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও তিনিওটা নিৰ্বাচনতে পৰাজিত হৈছিল ৷

এ আই চি চিৰ শীৰ্ষ নেতা জিতেন্দ্ৰ সিঙে হাজৰিকাক কংগ্ৰেছলৈ উস্ম আদৰণী জনাই দলত কাম কৰাৰ বাবে সুযোগ দিয়াৰ কথা সদৰি কৰে৷

আনহাতে কংগ্ৰেছত যোগদান কৰাৰ পাছতে বিজেপিৰ বিৰুদ্ধে সোচ্ছাৰ হৈ উদয় শংকৰ হাজৰিকাই কয় ,বিজেপিৰ প্ৰকৃত আদৰ্শ কেতিয়াবা শেষ হৈছে ৷এতিয়াৰ বিজেপি একাংশ ধুৰন্ধৰ তথা সুবিধা আৰু মুনাফালোভীৰ স্থলী ৷

বেয়া দিনত বিজেপিক আগুৱাই নিয়াৰ কথা সোৱঁৰি হাজৰিকাই কয়,আগন্তুক দিনত বিজেপি উৎখাত কৰাটোৱে হ’ব তেওঁৰ প্ৰধান লক্ষ্য ৷

Exit mobile version