COVID-19 Infection Increases Again​:দেশত পুনৰ বৃদ্ধি ক’ভিড সংক্রমণৰ

covid19

COVID-19 Infection Increases Again​:

দেশত পুনৰ দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ’ণা সংক্ৰমণ ৷ কৰ’ণা সংক্ৰমণক লৈ চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ ৷

যোৱা ২৪ ঘন্টাত দেশত নতুনকৈ ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৬১৪ জন ৷ আনহাতে মৃত্যু হৈছে দহজন লোকৰ ৷

আনহাতে দক্ষিণ ভাৰতত ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধিক লৈ সংশ্লিষ্ট ৰাজ্য চৰকাৰ কেইখনে লৈছে কেত বোৰ কাৰ্যব্যৱস্থা ৷ দেশৰ ভিতৰত কেৰালাত সর্বাধিক ক’ভিড আক্ৰান্তৰ সংখ্যা কেৰালাত ৷

ইতিমধ্যে ৰাজ্য খনত পুনৰ মৃত্যু হৈছে তিনিজন লোকৰ ৷ যোৱা ২৪ ঘন্টাত ৰাজ্য খনত ক’ভিড আক্ৰান্তৰ সংখ্যা ৩০০ জনলৈ বৃদ্ধি হোৱাৰ বিপৰীতে মহাৰাষ্ট্ৰত ১১জন, কৰ্ণাটকত ৯জন,তামিলনাডুত ১৩জন আৰু পুডুচেৰী-তেলেংগানাত মাত্ৰ চাৰি জন লোক আক্ৰান্ত হৈছে ৷

আনহাতে ৰাজধানী মহানগৰ দিল্লী আৰু গুজৰাটত তিনিজন , পজ্ঞাৱ আৰু গোৱাত এজনকৈ লোক আক্ৰান্ত হৈছে ৷

ইতিমধ্যে কৰ’নাৰ পুনৰ সংক্ৰমণক গুৰুত্ব সহকাৰে লৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে কৰ’নাক্ৰান্ত সকলৰ বাবে আৰ টি পি চি আৰ পৰীক্ষাটো জৰুৰী বুলি ঘোষণা কৰিছে ৷

Exit mobile version