Manas National Parkমানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বনভোজস্থলীত পার্কিঙক লৈও চলিছে ছিণ্ডিকেট

সৰৱ অবড়ো সুৰক্ষা সমিতি, ২৪ ঘণ্টাৰ ভিতৰত অবৈধ পার্কিং বন্ধ কৰাৰ দাবী

manas

Manas National Park:

বিশ্ব ঐতিহ্যক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নাৰায়ণগুৰিৰ বনভোজস্থলীত পার্কিঙৰ নামত অবৈধভাবে ধন সংগ্রহক লৈ এক সংবাদমেলত সৰৱ হয় অবড়ো সুৰক্ষা সমিতি। উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ দ্বিতীয় মুখ্য প্রবেশদ্বাৰত সংবাদমেলত অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্রীয় সম্পাদক জোন দাসে মানাহত অবৈধ পার্কিং চলি থকা বুলি উল্লেখ কৰি ইয়াৰ বিৰুদ্ধে তীব্র ক্ষোভ ব্যক্ত কৰে।

ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত এক অসাধু চক্রই অবৈধ পার্কিং খুলি ছিণ্ডিকেট চলাই অহাৰ অভিযোগ উত্থাপন কৰি তেওঁ ২৪ ঘন্টাৰ ভিতৰত অবৈধ পার্কিং বন্ধ নকৰিলে ভয়ংকৰ আন্দোলনৰ হুংকাৰ দিয়ে। দেশী- বিদেশী পর্যটকক মাধমাৰ শোধোৱা এই অসাধু চক্রৰ বিৰুদ্ধে সৰৱ হৈ বিটিআৰৰ মুৰব্বী প্রমোদ বড়ো,
স্থানীয় বাগ্‌সা আৰু শালবাৰী মহকুমা প্রশাসনক ক্ষুৰধাৰ সমালোচনা কৰে অবড়ো নেতাজনে।

উল্লেখ্য যে মানাহৰ বেঁকী নদীৰ সমীপৰ নাৰায়ণগুৰিৰ বনভোজস্থলীত পাৰ্কিঙৰ নামত এখন বাছৰ পৰা ৫০০ টকা, চাৰিচকীয়া বাহনত ৩০০ টকা, ই- ৰিস্কা ১০০ টকা আৰু মটৰ চাইকেলৰ নামত ৫০ টকাকৈ সংগ্রহ কৰি আহিছে।

যাক লৈ ক্ষোভিত হৈ আজি অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক দাসে এই অবৈধ পার্কিং বন্ধ নকৰিলে স্থানীয় বিভিন্ন দল- সংগঠনৰ লগতে ৰাইজৰ সহযোগত ভয়ংকৰ জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদানৰ লগতে ২৪ ঘণ্টাৰ পাছত মানাহলৈ অহা সকলো বনভোজকাৰীক বিনামূলীয়া পার্কিঙৰ ব্যৱস্থা কৰি দিব বুলি কয়।

অবড়ো নেতাজনে পার্কিঙৰ নামত এয়া গুণ্ডাগিৰি নে প্ৰশাসনৰ জ্ঞাতসাৰেই ধন ঘটাৰ এক কৌশল বুলি প্রশ্ন উত্থাপন কৰে বনভোজৰ বাবে যিখিনি মাটি আছে তাৰে ৭০ শতাংশ চৰকাৰী মাটি। তেওঁ প্রশাসনক উদ্দেশি কয়, ‘আপোনালোকে কিহৰ স্বাৰ্থত চৰকাৰী মাটিক বেচৰকাৰী বুলি কৈ পাৰ্কিঙৰ ব্যৱস্থা কৰি মানাহলৈ অহা পর্যটকসকলৰ ওপৰত মাধমাৰ শোধাইছে।’

অবড়ো নেতাজনে কয়, ‘যোৱা চাৰি নৱেম্বৰত ইডিচিৰ নামত এটা সংস্থাই একপক্ষীয়ভাবে কোনো নিবিদা নোহোৱাকৈ ধন ঘটাৰ বাবে এক ৰাজনৈতিক ষড়যন্ত্ৰৰ দ্বাৰাই মানাহত যি এক পার্কিঙৰ ছিণ্ডিকেট আৰম্ভ কৰিছে এই ছিণ্ডিকেট ব্যৱস্থাক অবড়ো সুৰক্ষা সমিতিয়ে তীব্র নিন্দা আৰু গৰিহণা জনাইছো।’

তেওঁ পুনৰ কয়, ‘বিটিএডিত কণীৰ ছিণ্ডিকেট, ব্ৰয়লাৰ মুৰ্গীৰ ছিণ্ডিকেটৰ কথা শুনি আহিছিলো কিন্তু বিটিএডিত প্রমোদ বড়োৰ নেতৃত্বত যে অৰণ্যৰ ছিণ্ডিকেটো আছে এয়া প্রথম জানিলো।’

Exit mobile version