horoscope

Horoscope:দিনটোৰ ৰাশিফল

মেষ: নিজ কামত কৃতকাৰ্যতাৰ কাৰক। নিজৰ প্ৰতি নিষ্ঠা বাঢ়িব। দাম্পত্যত নিৰাশ হোৱাৰ যোগ। বিদ্যাত মনোযোগ। ব্যৱসায়ত অর্থ বিনিয়োগ কৰোতে সাবধান। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ১।

বৃষ: আর্থিকত অনুকূল নহয় যদিও ভয়ৰো কাৰণ নাই। নতুন দ্রব্য ক্ৰয় কৰিব পাৰে। বিদ্যাত একো বাধা নাই। নতুন নিযুক্তিৰ বাবে যোগাযোগত শুভ ফল পাব। শুভ ৰং কমলা। শুভ সংখ্যা ৩।

মিথুন: আজিৰ দিনটো খুব আশাপ্রদ দেখা যায়। কর্মক্ষেত্ৰত আশা কৰা মতে, ফল পাব। প্রাপ্যাদি থাকিলে চেষ্টা কৰাটো উচিত হ’ব। নতুন কামৰ চেষ্টাত দূৰ যাত্রা। শুভ ৰং মাটিয়া। শুভ সংখ্যা ৫।

কর্কট: ৰাজনীতিত থকাবোৰৰ উদ্বেগ বৃদ্ধি। আর্থিক আয়তকৈ ব্যয় বেছি হ’ব। আকস্মিকভাৱে ধন প্রাপ্তিৰ চেষ্টাত কোনোৱে সফল হ’ব। ব্যৱসায়ীসকলৰ মন অস্থিৰ হ’ব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৬।

সিংহ: শৰীৰ খুব ভাল বুলিব নোৱাৰি। তথাপি মজলীয়াভাৱে দিনটো পাৰ হ’ব। বাহিৰলৈ যোৱাৰ সম্ভাৱনা। সৰু-সুৰা আঘাতৰ বাবে সতর্ক হওক। প্রেমত উৎসাহ। শুভ ৰং কমলা। শুভ সংখ্যা ৮।

কন্যা: ঘৰুৱা পৰিৱেশ সিমান প্রতিকূল নহ’ব। শাৰীৰিক সামান্য উন্নত। পঢ়া- শুনাত থকা সকলে বিশেষ যত্ন কৰক। ব্যৱসায়ত বাধা নাই। প্রেমত বেয়া দেখা নাযায়। শুভ ৰং বগা। শুভ সংখ্যা ২।

তুলা: আর্থিকত কষ্ট দেখা যায়। প্রাপ্য ধনাদিৰ বাবে চেষ্টা থকাটো উচিত। আজি নহ’লেও দুদিনমানলৈ অপেক্ষা কৰক। শৰীৰ ভালে ৰাখক। ভ্রমণত আহুকাল। দাম্পত্যত শুভ। শুভ ৰং ৰঙা। শুভ সংখ্যা ৪।

বৃশ্চিক: সাহসিকতাৰে কৰ্মত আগুৱাৰ চেষ্টা কৰক। কর্মক্ষেত্ৰত যোগ্যতা ৰখাৰ চেষ্টা কৰক। খেলি-মেলিৰে দিনটো পাৰ হ’ব পাৰে। বিদ্যাত শুভ। উদ্বেগ আদিৰ কিছু সমাধানৰ আশা। শুভ ৰং ক’লা। শুভ সংখ্যা ৬।

ধনু: আয় বৃদ্ধি আৰু বৈষয়িক উন্নতিৰ শুভ যোগ। কর্মজীৱনৰ আৰম্ভ আৰু পাৰিবাৰিক স্বচ্ছলতা। সামাজিক কামত খ্যাতিলাভ। শাৰীৰিক শুভ। শুভ ৰং বগা। শুভ সংখ্যা ৮।

মকৰ : বিদ্যাত মধ্যম। দিনটোত আপোনাৰ মনৰ অৱস্থা ভাল নাথাকিব পাৰে। পত্নীৰ মতামতক প্রাধান্য দিলে লাভৱান হ’ব। শুভ ৰং হালধীয়া শুভ সংখ্যা ৯।

কুম্ভ: ব্যৱসায়ীসকল সতর্ক থাকক। কর্মক্ষেত্ৰত বাধাৰ মাজেদি সফলতা পাব শৰীৰৰ প্ৰতি চিন্তা কৰাটো দৰকাৰ। ঘৰুৱা মতান্তৰ। যোগ্যজন পুৰস্কৃত হোৱাৰ যোগ। শুভ ৰং বগা। শুভ সংখ্যা ১।

মীন: কর্মক্ষেত্রত যোগ্যতা বজায় ৰখাৰ চেষ্টা কৰক। কাৰোবাৰ বাবে মনত দুখ পাব পাৰে। ভাই-ভনীৰ বিয়াৰ কথাত সখী হ’ব। আর্থিক দিশত সতর্ক হওক। ভ্রমণ পাৰিলে স্থগিত ৰাখক। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ২।

Exit mobile version