Apsc Scam:এপিএছচিত উত্তৰবহীয়েই অন্তর্ধান হ’ল আৰক্ষী বিষয়া নন্দিনী কাকতিৰ

উত্তীর্ণ নোহোৱাকৈয়ে সমবায় পঞ্জীয়কৰ পদত চক্ৰধৰ ডেকা ,ৰাকেশ পালৰ স'তে সৎসংগ বিহাৰত পৰিচয়ৰ সূত্রে চাকৰি লাভ

apsc scam 2

Apsc Scam:

জালিয়াতিৰে মেধাবীক ওফৰাই পৰীক্ষাত উত্তীর্ণ নোহোৱাকৈয়ে অসম লোকসেৱা আয়োগ (এপিএছচি)ৰ জৰিয়তে ৰাজপত্ৰিত বিষয়াৰ চাকৰি লাভ কৰা কে’বাজনো ইতিমধ্যে বিশেষ তদন্তকাৰী গোট (এছআইটি)ৰ ঘণ্টাৰ পাছত ঘণ্টা ধৰি জেৰাৰ সন্মুখীন হৈছে ।

ৰহস্যজনকভাবে ইয়াৰে একাংশ নিলম্বিত হোৱাৰ বিপৰীতে একাংশই এতিয়াও বীৰদর্পে চাকৰি কৰি থাকিবলৈ সক্ষম হৈছে। অভিযুক্তৰ সংখ্যাৰ বিপৰীতে নামমাত্র পাঁচজনহে এই পর্যন্ত গ্রেপ্তাৰ হৈছে।

জেৰাৰ এই ধাৰাবাহিকতা অব্যাহত ৰাখি অহা দুই জানুৱাৰীত এছআইটিৰ সন্মুখীন হ’ব লাগিব অসম আৰক্ষী সেৱাৰ বিষয়া নন্দিনী কাকতি আৰু সমবায় বিভাগৰ নলবাৰীত কৰ্মৰত সহকাৰী পঞ্জীয়ক চক্ৰধৰ ডেকা। আন সকলৰ দৰে এই দুই অভিযুক্তৰ বিৰুদ্ধেও পোহৰলৈ আহিছে জালিয়াতিৰ ভয়ংকৰ তথ্য।

গুৱাহাটী আৰক্ষী আয়ুক্তৰ অধীনত কৰ্মৰত আৰক্ষী সেৱাৰ বিষয়া নন্দিনী কাকতিৰ এপিএছচিৰ মূল পৰীক্ষাৰ দুখন উত্তৰবহী এতিয়ালৈকে সন্ধানহীন হৈ আছে। চাৰিখন বহীহে উপলব্ধ হৈছে; অথচ প্ৰতিখন উত্তৰবহীতে কাকতিয়ে লাভ কৰিছে উচ্চ নম্বৰ।

এনে ক্ষেত্ৰত দুখন উত্তৰবহী ক’ত হেৰাল তাৰ উত্তৰ কাৰো ওচৰত নাই। ৰাকেশ পাল অথবা ধৃত নন্দ বাবু সিঙেহে ইয়াৰ উত্তৰ দিব পাৰিব বুলি সম্ভাৱনা ব্যক্ত কৰা হৈছে। ২০১৩ৰ নিযুক্তি কেলেংকাৰিৰ তদন্ত আৰম্ভ হোৱাৰ সময়ত নন্দ বাবু সিঙে ৫০ হেজাৰৰো অধিক, অ’এমআৰ উত্তৰপত্ৰ পুৰি পেলাইছিল। আশংকা কৰা হৈছে যে নন্দিনী কাকতিৰো উত্তৰবহী দুখন পুৰি পেলোৱা হৈছে।

ইপিনে, চক্ৰধৰ ডেকা পৰীক্ষাত উত্তীর্ণই হোৱা নাছিল। পিতৃৰ লগত ৰাকেশ পালৰ সম্পৰ্ক আছিল অনুকূল ঠাকুৰৰ অনুগামী হিচাপে। মহানগৰীৰ ভঙাগড়স্থিত সৎসংগ বিহাৰত দুয়ো সঘনে লগ পাইছিল।

সেই সম্পৰ্কৰেই চক্ৰধৰ ডেকাই বৃহৎ ধনৰ বিনিময়ত চাকৰি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল বুলি চর্চা চলি আহিছে। উত্তীর্ণ নোহোৱা বাবে ৰাকেশ পালে হিচাপ কৰি কৰি ডেকাৰ নম্বৰ বৃদ্ধি কৰিছিল।

Exit mobile version