Horoscope:দিনটোৰ ৰাশিফল

horoscope

Horoscope:দিনটোৰ ৰাশিফল

মেষ: আকস্মিক কোনো অর্থ ক্ষতি হ’ব পাৰে। ব্যৱসায়ত শুভ যদিও সৰু সৰু কথাত মতান্তৰ ঘটিব পাৰে। পাৰিবাৰিক শুভ বুলিব পাৰি। কর্মক্ষেত্রত আনৰ প্রিয়পাত্র হ’ব পাৰিব। পঢ়া-শুনাত শুভ, প্রেমত সফলতা। শুভ ৰং গেৰুৱা। শুভ সংখ্যা -২।

বৃষ: কর্মক্ষেত্রত নতুন যোগাযোগ ঘটিব পাৰে। সৰু-সুৰা অসুখে বিব্রত কৰিব। সন্তানৰ স্বাস্থ্যৰ প্ৰতি নজৰ দিব। বিবাহত আকস্মিক বাধা আহিব ব্যৱসায়ত সফলতা প্ৰৱল। প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে। শুভ ৰং মেৰুণ। শুভ সংখ্যা-১।

মিথুন: আৰ্থিকত চিন্তাৰ কাৰণ নাই। ব্যৱসায়-বাণিজ্যত পাব লগা ধন পোৱাৰ সম্ভাৱনা। পাৰিবাৰিক অশান্তি দূৰ হ’ব। কিন্তু যিকোনো সিদ্ধান্ত হঠাতে গ্রহণ নকৰিব। সন্তানৰ উন্নতিয়ে মনত আনন্দ দিব। প্রেম-বিবাহ হ’ব পাৰে। শুভ ৰং কমলা। শুভ সংখ্যা ৪।

কর্কট: মনৰ অস্থিৰতাৰ বাবে কৰ্মত বাধাগ্রস্ত হ’ব পাৰে। আর্থিক ক্ষেত্রত যথেষ্ট শুভ যদিও অনাহকত অর্থ হানি হ’ব পাৰে। বন্ধু-বান্ধৱৰ দ্বাৰা ক্ষতিৰ আশংকা আছে। ব্যৱসায়ত মধ্যম। প্রেম-প্রীতিত শুভ দেখা যায়। শুভ বং সেউজীয়া। শুভ সংখ্যা ৬।

সিংহ: আজি পুৰণি বন্ধুৰ লগত যোগাযোগ হ’ব পাৰে। ব্যৱসায়ত সফলতা ভবা মতে নাপাব। ঘৰুৱাত উন্নত পৰিৱেশ গঢ়িব। বিদ্যাত বেয়া নহ’ব। প্রেম-প্রণয়ত নতুন যোগাযোগ ঘটিব পাৰে। শুভ ৰং হালধীয়া। শুভ সংখ্যা

কন্যা: কর্মক্ষেত্রত উন্নত ফল। দৃঢ়তা বৃদ্ধি পাব। কোনো সংবাদ বা সংযোগত চিন্তিত হ’লেও প্রতিকূল বুলি ক’ব নোৱাৰি। আৰ্থিকত বেয়া নহয়। নতুন কিবা পৰিকল্পনা থাকিলে আজি চিন্তা কৰক। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৮।

তুলা: যোৱা দিনৰ তুলনাত আজি উন্নত। শৰীৰ সম্পৰ্কে অৱশ্যে সাধাৰণ চিন্তা থাকিব। আশা কৰা কোনো বিষয়ত সাধাৰণ প্ৰগতি। দাম্পত্যত মধ্যম কর্মব্যস্ততা বৃদ্ধি। ভ্রমণ হ’ব পাৰে। শুভ ৰং ৰঙা। শুভ সংখ্যা ১।

বৃশ্চিক: আর্থিক সম্পৰ্কীয় দিশত বৰ নিশ্চিত নহয়। আনহাতে, বিশেষ দুৰ্ভবনাৰো যোগ নাই। কোনো আপোন মানুহৰ যোগাযোগৰ লগত অন্যানৰো সংগ লাভ ঘটিব পাৰে। ভ্ৰমণত শুভ ফল। প্রেমত প্ৰতাৰিত হ’ব পাৰে। শুভ ৰং সোণালী। শুভ সংখ্যা ৩।

ধনু: বন্ধুবৰ্গৰ লগ পাব পাৰে বা তেনে যোগাযোগৰ আশা আছে। শৰীৰ মনৰ ওপৰত আছুতীয়া অশুভ প্রভাৱ নাই। সন্তানৰ সম্পৰ্কে থকা চিন্তাও পাতলিব। কন্যা সন্তানৰ সুকীর্তি দেখা যায়। শুভ ৰং বগা। শুভ সংখ্যা ২।

মকৰ: অনাবশ্যক সমস্যাৰ মাজত পৰিবও পাৰে। গতিকে পূৰ্বৰ পৰাই তেনে বিষয়ৰ পৰা সতর্ক হওক। বিদ্যাত জটিলতা কম। কর্মতৎপৰ হোৱাৰ যত্ন কৰক। দাম্পত্যত মধ্যম। ভ্রমণত কষ্ট। শুভ ৰং ৰঙা। শুভ সংখ্যা ৪।

কুম্ভ: আর্থিক আৰু শাৰীৰিক এই দুয়োটাই আপোনাৰ কিছু সহায়ক হ’ব। কোনোৱে বিপদৰ পৰা উদ্ধাৰ হোৱাৰ বাবে মনোবলেই যথেষ্ট। বিদ্যার্থীৰ বেয়া নহ’ব। কর্মস্থানত বাধা দেখি চিন্তিত নহ’ব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ২।

মীন: শৰীৰ আৰু পাৰিবাৰিক উন্নতি হ’ব। মনোবলো বাঢ়িব কিন্তু মাত্রাধিকলৈ নোযোৱাই ভাল। কর্মক্ষমতাৰ বাবে আনে প্রশংসা কৰিব। বিদ্যাত যোগ্যতা দেখা যায়। ভ্রমণত বিশেষ বাধা নাই। শুভ ৰং ৰঙা। শুভ সংখ্যা ৮।

Exit mobile version