Manipur:অগ্নিগৰ্ভা মণিপুৰত অসম ৰাইফলছৰ অভিযানত উদ্ধাৰ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ

উদ্ধাৰ কেতবোৰ বিস্ফোৰক সামগ্ৰী

assam rifpls

Manipur:

অশান্ত জৰ্জড়িত মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীয়ে যৌথ মাৰাথন অভিযান অব্যাহত ৰখাৰ মাজতে ৰাজধানী চহৰ ইম্ফলৰ পূৰ্বাঞ্চল অঞ্চল,চুৰাচান্দপুৰ আৰু থৌবাল জিলাৰ কেতবোৰ অঞ্চলত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ মাৰাণাস্ত্ৰ সহ বিস্ফোৰক সামগ্ৰী ৷

বৃহস্পতিবাৰৰ পৰা অব্যাহত ৰখা অভিযানত পূৱ ইম্ফল জিলাৰ পাংডংবাম এলেকাৰ পৰা চাৰি ৰাউণ্ড সক্ৰিয় গুলিভৰ্তি মেগজিনসহ ১টা এম১৬ ৰাইফল, খালী মেগজিনসহ ১টা এম২১ স্নাইপাৰ ৰাইফল আৰু তিনিটা গ্ৰেণেডসহ বহু পৰিমাণৰ বিস্ফোৰক সামগ্ৰী জব্দ কৰাৰ বিপৰীতে চুৰাচান্দপুৰ জিলাৰ এল কানান গাঁৱত‌ অভিযান চলাই অসম ৰাইফল আৰু আৰক্ষীয়ে বাহিনীয়ে জব্দ কৰিবলৈ সক্ষম হয় দুটা নাইন এমএম পিষ্টল, চাৰিটা সক্ৰিয় গুলি ভৰ্তি নাইন এমএম পিষ্টলৰ ২ টা মেগজিনসহ আৰু বহু পৰিমাণৰ সক্ৰিয় গুলি ।

একেদৰে ,ৰাজ্য খনৰ থৌবাল জিলাৰ পৰা দেশীয়ভাৱে নিৰ্মিত AK 47 ,এটা পিষ্টল,তিনিটা গ্ৰেণেডসহ বহু পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ কৰে অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীয়ে ৷

Exit mobile version