Pakistan also needs a leader like Modi: Dr Sabera:মই নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাত হিন্দুৰ সাহস বাঢ়িব, পাকিস্তানকো মোদীৰ দৰে নেতাৰ প্ৰয়োজন: ডাঃ সবেৰা

pakisthani women

Pakistan also needs a leader like Modi: Dr Sabera:

পাকিস্তানত অহা আঠ ফেব্ৰুৱাৰীত সাধাৰণ নির্বাচন অনুষ্ঠিত হ’ব। আসন্ন নির্বাচনক লৈ ইতিমধ্যে পাকিস্তানৰ ৰাজনীতি উত্তপ্ত হৈ উঠিছে। এইবাৰৰ নিৰ্বাচনত বিশেষ চর্চা লাভ কৰা এগৰাকী প্রার্থী হৈছে ডাঃ সবেৰা প্রকাশ।

ডাঃ সবেৰা এগৰাকী পাকিস্তানী হিন্দু মহিলা। সংখ্যালঘু সম্প্ৰদায়ৰ মহিলা প্রার্থী হিচাপে আসন্ন নির্বাচনত প্রতিদ্বন্দ্বিতা কৰি ডাঃ সবেৰাই সকলোৰে দৃষ্টি আকর্ষণ কৰিছে। ডাঃ সবেৰাই পাকিস্তানৰ খাইবাৰ পাখটুনখাৱাৰ বুনেৰ সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰিছে। ডাঃ সবেৰা পাকিস্তান পিপ’লছ পার্টিৰ প্রার্থী। কিন্তু নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাটো তেওঁৰ বাবে সহজ নাছিল।

টেলিভিছনৰ একসাক্ষাৎকাৰত চিকিৎসক-ৰাজনীতিকজনে কয় যে ৭৬ বছৰত প্ৰথমবাৰৰ বাবে পাকিস্তানত কোনো হিন্দু মহিলাই নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিলে। ২৫ বছৰীয়া ডাঃ সবেৰাই এইদৰে ক’লে, ‘মই ৰাইজৰ পৰা সম্পূর্ণ সহযোগিতা আৰু আশীর্বাদ লাভ কৰিছো।

সংখ্যালঘু হোৱাৰ পাছতো মোক সকলোৱে আদৰি লৈছে। আনকি সমষ্টিবাসীয়ে মোক ডক্টৰ অৱ বুনেৰ বুলিও অভিহিত কৰিছে। মই এইদৰে নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ ফলত সংখ্যালঘু মহিলাসকলৰ সাহস-উৎসাহ বৃদ্ধি পাব।

নিৰ্বাচনত জয়ৰ পাছত মই সংখ্যালঘুৰ বাবে কাম কৰিম। পাকিস্তানকো নৰেন্দ্ৰ মোদীৰ দৰে নেতাৰ প্রয়োজন। আজিৰ দিনত পাকিস্তানত অস্থিৰতা আছে, অর্থনীতিও দুর্বল, সেয়েহে স্থিৰতাৰ বাবে শক্তিশালী নেতাৰ দেশখনক প্রয়োজন হৈছে।’

Exit mobile version