Delhi:দিল্লীসহ চাৰি ৰাজ্যত ঘন কুঁৱলী-প্রচণ্ড শীতপ্রবাহৰ সম্ভাৱনা

বতৰ বিজ্ঞানে কৰিলে সতর্ক

delhi wather

Delhi:

উত্তৰ প্রদেশ, দিল্লী, পঞ্জাৱ, হাৰিয়ানাসহ দেশৰ কে’বাখনো ৰাজ্যত আজি পুৱা ঘন কুঁৱলীয়ে স্বাভাৱিক জনজীৱন প্ৰভাৱিত কৰিছিল। ঘন কুঁৱলীৰ ফলত এইসমূহ ৰাজ্যৰ বহু অঞ্চলত যান-বাহন চলাচল বিঘ্নিত হৈছিল।

কেন্দ্রীয় বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰা অনুসৰি অহা ৩১ ডিচেম্বৰলৈকে পুৱা আৰু নিশাৰ ভাগত দিল্লী, পঞ্জাব, হাবিয়ানা, উত্তৰাখণ্ড আৰু চণ্ডীগড়ত অতি ঘন কুঁৱলীৰ প্ৰভাৱ অব্যাহত ৰাখিব।

দিল্লীত আগন্তুক পাঁচদিনলৈকে কুঁৱলী অব্যাহত থাকিব। এই সময়ছোৱাত দেশৰ ৰাজধানী চহৰখনৰ তাপমাত্রা সাতৰ পৰা আঠ ডিগ্ৰী চেলচিয়াছৰ আশে-পাশে থাকিব বুলি বতৰ বিজ্ঞান বিভাগে পূর্বানুমানত উল্লেখ কৰিছে।

পূব ৰাজস্থান, পশ্চিম মধ্য প্রদেশ, ঝাৰখণ্ড, ওড়িছা আৰু বিহাৰৰ বহু অঞ্চলত পাতল আৰু মধ্যমীয়া কুঁৱলীয়ে জনজীৱন প্ৰভাৱিত কৰিব।

আনহাতে, অহা পহিলা জানুৱাৰীলৈ অসম ইয়াৰ চুবুৰীয়া ৰাজ্য নগালেণ্ড, মেঘালয়, মিজোৰাম, মণিপুৰ আৰু ত্ৰিপুৰাতো ঘন কুঁৱলী অব্যাহত থাকিব।

এই সময়ছোৱাত দেশৰ পাহাৰীয়া অঞ্চলসমূহত প্রবল শীতপ্ৰৱাহৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে উল্লেখ কৰিছে।

একেদৰে জম্মু-কাশ্মীৰ, লাডাখ, হিমাচল প্রদেশ আৰু উত্তৰাখণ্ডত অহা ৩১ ডিচেম্বৰলৈকে পাতলীয়া বৃষ্টি আৰু তুষাৰপাতৰ সম্ভাৱনা আছে।

Exit mobile version