Horoscope:দিনটোৰ ৰাশিফল

horoscope

Horoscope:দিনটোৰ ৰাশিফল

মেষ: আর্থিক দিশত বেছি বাধা নাপাব। দৈহিক দিশত বিষ-বেদনা থাকিব। প্রেম-প্রণয়ত সাৱধান।

বৃষ: কর্মক্ষেত্ৰতো সৰু-সুৰা বাধা আহিব পাৰে, দিনটোত আর্থিক সমস্যা থাকিব। বিদ্যাত যত্ন লোৱাটো আৱশ্যক।

মিথুন: শৰীৰ প্ৰায় অনুকূলমুখী। বিদ্যাত যত্নবান হওক, অযথা কামত সময় নষ্ট নকৰাই ভাল। আর্থিক শুভ ফল পাব, ব্যৱসায়ত মধ্যম উন্নতি। সন্তান সম্ভৱা মহিলাসকল সাৱধান থাকিব।

কর্কট: আর্থিক ধন হাতলৈ আহিলেও পর্যাপ্ত নহ’ব। কর্মক্ষেত্রত শুভ ফল পাব। শৰীৰ আৰু পৰিৱেশ কিছু প্রতিকূল থাকিব।

সিংহ: আর্থিক বাধা নাপাব, শাৰীৰিক দিশত জ্বৰ, কাহ, পেটৰ অসুখত ভুগিব পাৰে। ব্যৱসায়ত শুভ ফল পাব। বিদ্যাত যত্ন লোৱাটো আৱশ্যক।

কন্যা: দিনটো উন্নত নহ’ব পাৰে, ঘৰুৱা কাৰণত মন বেয়া হ’ব পাৰে। আগন্তুকৰ বাবে দুশ্চিন্তা নকৰাই ভাল। দাম্পত্যত শুভ।

তুলা: একাধিক কথাত মন বিক্ষিপ্ত থাকিব। কর্ম স্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰিব। প্ৰেমত বাধা ঘৰুৱা শুভ।

বৃশ্চিক: পুৱাৰ ভাগ মনটো উদ্বেগ দেখা যায়। ভ্ৰমণ কৰিব পাৰে। পৰা পক্ষত স্পষ্টভাষী হ’বলৈ চেষ্টা কৰক। প্ৰেমত শুভ।

ধনু: ব্যৱসায়ত মাধ্যম। শাৰীৰিক দিশত দুৰ্বলতা থাকিব। সন্তানৰ শুভ। প্ৰেমত অস্থিৰতা থাকিব। দাম্পত্যত মধ্যম।

মকৰ : কৰ্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰি ৰাখিব। আৰ্থিকত বেয়া নহ’ব। প্রেম প্রীতিত আন্তৰিকতা।

কুম্ভ: দিনৰ ১২ বজাৰ পাছত কিছু ফৰকাল অনুভৱ কৰিব। ব্যৱসায়ত মধ্যম। দাম্পত্যত মতানৈক্য সৃষ্টি। বিদ্যাত শুভ।

মীন: ঘৰুৱা পৰিৱেশ অনুকূল। কর্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰিব। শৰীৰ বেয়া নাযাব। প্রেমত শুভ।

Exit mobile version