Kota has the Highest Number of Student Suicides:২০২৩ বৰ্ষত শিক্ষাৰ্থীৰ সর্বাধিক আত্মহনন শৈক্ষিক নগৰী কোটাত

kota

Kota has the Highest Number of Student Suicides:

২০২৩ বৰ্ষত ভাৰতত শিক্ষাৰ্থীৰ আত্মহননৰ ঘটনা সর্বাধিক সংঘটিত হ’ল ৰাজস্থানৰ কোটাত। শৈক্ষিক নগৰী হিচাপে পৰিচিত কোটালৈ প্ৰতিবছৰে দেশৰ বিভিন্ন অঞ্চলৰ পৰা লক্ষাধিক শিক্ষার্থীয়ে বিভিন্ন প্ৰৱেশ পৰীক্ষাৰ ক’চিং ল’বলৈ ভিৰ কৰি আহিছে।

কিন্তু এইদৰে কোটাত আশ্রয় গ্রহণ কৰা শিক্ষাৰ্থীৰ মাজত আত্মহননৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে। পৰিসংখ্যা অনুসৰি ২০২৩ বর্ষত কোটাত ২৮ জন শিক্ষার্থীয়ে আত্মহত্যা কৰিছিল।

এইসকল শিক্ষার্থীৰ সৰহ সংখ্যকে আইআইটি, নীট আদিৰ পৰীক্ষাৰ্থী আছিল। আঠ বছৰৰ পাছত কোটাত সর্বাধিক সংখ্যক শিক্ষার্থীয়ে আত্মহত্যা কৰিলে। ২০১৫৩ ১৮ জন, ২০১৬৩ ১৭, ২০১৭ত সাতজন, ২০১৮৩ ২০ জন, ২০১৯৩ ১৮ জন আৰু ২০২২৩ ১৫ জন শিক্ষার্থীয়ে কোটাত আত্মঘাতী হৈছিল।

২০২০ আৰু ২১ বৰ্ষত কৰ’না সংক্ৰমণৰ কাৰণত কোটাৰ ক’চিং চেণ্টাৰ আৰু হোষ্টেল বন্ধ আছিল হেতুকে আত্মহননৰ কোনো তথ্য নাই।

Exit mobile version