Hotel Babylon In Hatigaon:মহানগৰীৰ হোটেল আৰু পাৰ্লাৰত নিশা গোপনে চলে কি !

হোটেলৰ খিৰিকীৰে পলাল যুৱক, এঘণ্টা বা দুঘণ্টাৰ বাবে ভাড়ালৈ দি অব্যাহত ৰাখিছিল অনৈতিক কাৰ্য

hatigaon thana

Hotel Babylon In Hatigaon:

মহানগৰীৰ একাংশ হোটেল আৰু পাৰ্লাৰত সংগোপনে নিৰ্বিবাদে চলি আহিছে কেতবোৰ কৰ্মকাণ্ড ৷ বাহিৰত হোটেল আৰু পাৰ্লাৰ বুলি লিখা চাইনবৰ্ড আৰি প্ৰকৃতাৰ্থত হোটেলৰ কোঠাত চলে কি ? এইয়া এতিয়া সকলোৰে বাবে এক উচ্চাৰিত প্ৰশ্ন ৷

বৃহস্পতিবাৰে সদাব্যস্ত মহানগৰীৰ হাতীগাঁও চাৰিআলীস্থ হোটেল বেবিলনত সংঘটিত হয় এক ঘটনা ৷ হোটেল খনৰ প্ৰথম মহলাত থকা কোঠাৰ খিৰিকীৰে তললৈ এজন যুৱক হঠাতে দিনদুপৰতে জপিয়াই পলায়ন কৰে ৷ এই কাণ্ডৰ পিছতে পোহৰলৈ আহে সমস্ত ঘটনা ৷ উন্মোচিত হয় কেতবোৰ কৰ্মকাণ্ড৷

স্থানীয় লোকে উদ্থাপিত কৰা অভিযোগ অনুসৰি , বেবিলন নামৰ হোটেল খনৰ স্বত্বাধিকাৰী জেহেৰুদ্দিন হোটেলৰ কোঠাসমূহ এঘণ্টা বা দুঘণ্টাৰ বাবে ভাড়ালৈ দি অব্যাহত ৰাখিছিল অনৈতিক কাৰ্য ৷ ইয়াৰ বিনিময়ত সংশ্লিষ্ট গ্ৰাহকৰ পৰা সংগ্ৰহ কৰে মোটা ধন

আজি ৰাইজৰ অভিযোগৰ ভিত্তিত হাতীগাঁও আৰক্ষী হোটেল খনত উপস্থিত হৈ অভিযান চলাই কেতবোৰ আপত্তিজনক সামগ্ৰী জব্দ কৰে ৷

Exit mobile version