36 Children Die Of Pneumonia In Pakistan:প্রচণ্ড শীতত নিউম’নিয়াত আক্রান্ত হৈ ৩৬ শিশুৰ মৃত্যু পাকিস্তানত

pakistan

36 Children Die Of Pneumonia In Pakistan:

প্রচণ্ড শীতত কম্পিত চুবুৰীয়া দেশ পাকিস্তানৰ পঞ্জাব প্রদেশত নিউম’নিয়াত আক্রান্ত হৈ প্রাণ হেৰুৱালে ৩৬ জন শিশুৱে

ADVERTISEMENT

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে পঞ্জাৱ প্রদেশৰ প্রশাসনে বিদ্যালয়ত প্রার্থনা বন্ধৰ নির্দেশ দিছে। তদুপৰি সংক্ৰমণ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে একাধিক নির্দেশনা জাৰি কৰিছে।

দেশখনৰ সবাতোকৈ অধিক শীতপ্রবাহৰ বলি হৈছে পঞ্জাব প্রদেশ। উক্ত অঞ্চলৰ বাসিন্দা ৮০ শতাংশ শিশু সম্প্রতি নিউম’নিয়াত আক্রান্ত হৈছে।

স্মর্তব্য যে যোৱা বছৰতো পাকিস্তানৰ এইখন প্রদেশত নিউম’নিয়াত আক্ৰান্ত হৈ ১১০ শিশুৰ মৃত্যু হৈছিল।

Exit mobile version