12 Crore Liquor in Guwahati During Bhogali Uruka-Bihu Sales:ভোগালীৰ উৰুকা-বিহুত গুৱাহাটীত ১২ কোটিৰ সুৰা বিক্রী

liquar

12 Crore Liquor in Guwahati During Bhogali Uruka-Bihu Sales:

উৎসৱ-পাৰ্বন বুলি ক’লেই সুৰাৰ বিক্ৰীৰ অভিলেখ গঢ়া গুৱাহাটী মহানগৰীত ভোগালীৰ উৰুকা আৰু বিহুৰ দুটা দিনত অভিলেখ হাৰত বিক্ৰী হয় সুৰা। এই দুটা দিনত বিগত গুৱাহাটীত কমেও ১২ কোটি টকাৰ সুৰা বিক্ৰী হোৱা বুলি আবকাৰী বিভাগে তথ্য সদৰী কৰিছে। জিলা আবকাৰী বিভাগে সদৰী কৰা অনুসৰি, উৰুকাৰ দিনটোত অর্থাৎ ১৪ জানুৱাৰীত মহানগৰীত ৭.২ কোটি টকাৰ সুৰা বিক্রী হয়।

একেদৰে ১৫ জানুৱাৰীৰ দিনটোত ৰাজধানী চহৰখনত ৪.৬ কোটি টকাৰ সুৰা বিক্রী হয়। ৰাজ্যজুৰি ভোগালীৰ দুটা দিনত প্রায় ২০ কোটি টকাৰ সুৰা বিক্রী হয়। উল্লেখ্য যে বিগত ভোগালীত সুৰা বিক্ৰীৰ সকলো অভিলেখ ভংগ কৰি এইবাৰ বিক্ৰীয়ে পুনৰ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে ৷

Exit mobile version