Horoscope: দিনটোৰ ৰাশিফল

horoscope

Horoscope: দিনটোৰ ৰাশিফল

মেষ: কর্মত শুভ। নিজকে শক্তিশালী কৰি ৰাখিব। আনৰ কথাত মন নিদিব। বগা বস্তু পৰিধান কৰিব। শুভ সংখ্যা ৮।

বৃষ: নিজৰ অৰ্হতাৰ ওপৰত স্থিতি নিয়ন্ত্ৰণ কৰিব। পুৰণি কামবোৰ সফল হ’বলৈ গৈ আছে। বিদ্যাত শুভ, শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫।

মিথুন: স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক। মনৰ চঞ্চলতা বাঢ়িব। কৰ্মত মধ্যম, নীলা কাপোৰ পৰিধান কৰিব। শুভ সংখ্যা ১।

কর্কট: বন্ধু বৰ্গৰ পৰা দূৰত থাকক। মনলৈ কোনো দুঃচিন্তা আহিব পাৰে। উচ্চকাংক্ষা বজায় ৰাখক। কর্মত শুভ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৩।

সিংহ: মনৰ অশান্তি বাঢ়িব। প্ৰেমত মধ্যম। আয়তকৈ ব্যয় বৃদ্ধি। নতুন সংস্থাপনৰ যোগ আছে। গেৰুৱা শুভ ৰং। শুভ সংখ্যা ৬।

কন্যা: দিনতো অধিক ব্যস্ততাৰ মাজেৰে পাৰ হ’ব। বন্ধুৰ পৰা দূৰত থাকক। শুভ ৰং ক’লা, শুভ সংখ্যা ৪।

তুলা: নিজৰ স্থিতি বজাই ৰাখি কাম কৰক ৷পুৰণি হেৰুৱা বস্তু ঘূৰাই পোৱাৰ আশা আছে। পুৱা তুলসীৰ তলত পানী ঢালিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ৩।

বৃশ্চিক: বন্ধুবৰ্গৰ পৰা দূৰত থাকক নাইবা অযথা শত্রু বৃদ্ধি পাব। শিক্ষার্থীৰ বাবে শুভ। কর্মত মধ্যম। প্রেমত শুভ, বেঙুনীয়া ৰং ব্যৱহাৰ কৰক। শুভ সংখ্যা ২।

ধনু: মনৰ অস্থিৰতা বাঢ়িব। ব্যৱসায়ত শুভ। ভ্রমণ কৰোতে সোঁ ফালৰ পৰা কৰিব। সেউজীয়া ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৭।

মকৰ : ব্যৱসায়ত কিছু জটিল সমস্যাৰ সম্মুখীন হ’ব পাৰে। মনৰ অশান্তি আছে যদিও দিনতো ভাল যাব। শুভ ৰং ক’লা। শুভ সংখ্যা ৪।

কুম্ভ: ব্যৱসায়ত মধ্যম। নতুন কামৰ সুযোগ পাব পাৰে। দুচিন্তা মনলৈ আহিব নিদিব। আর্থিক লাভৰ সম্ভাৱনা আছে, বগা বস্তু ব্যৱহাৰ কৰক, শুভ সংখ্যা ১।

মীন: অতিৰিক্ত ব্যয় হ’ব পাৰে। নিজৰ ভাৰাসাম্য বজায় ৰাখক। আর্থিকত ভাল, বিদ্যাত শুভ, শুভ ৰং নীলা, শুভ সংখ্যা ৫।

Exit mobile version