horoscope

Horoscope: দিনটোৰ ৰাশিফল

মেষ: আজিৰ দিনটো আপোনাৰ কাৰণে বহু বেছি ভাল নহয়। শত্ৰুৰ পৰা সাৱধানে থাকক। সন্তানৰ বাবে চিন্তা বৃদ্ধি হ’ব। যিকোনো মানুহৰ লগত নিজৰ মনৰ কথা আলোচনা নকৰিব।

বৃষ: স্বাস্থ্যৰ অশান্তিৰ বাবে কর্মক্ষেত্রত সমস্যা আহিব পাৰে। নতুন ব্যবসায় আৰম্ভ কৰিব পাৰে। দুখীয়া লোকক সহায় কৰি মন আনন্দিত হ’ব।

মিথুন: বিদ্যার্থীসকলৰ বাবে আজি দিনটো শুভ। ব্যৱসায়িক দিশত ভাল ফল দেখা যায়। কুচিন্তাৰ কাৰণে মন কষ্ট কৰ্মদিশৰ পৰা বাহিৰত যোৱাৰ সম্ভাৱনা।.

কর্কট: বিবাহৰ প্রস্তাৱ আহিব পাৰে। পাবলৈ থকা ধন ঘূৰাই পাব। নৃত্যশিল্পীৰ বাবে উন্নতিৰ যোগ দেখা যায়। আপোনাৰ প্রিয়জনে আজি আপোনাৰ লগত বিশ্বাসঘাতক কৰিব।

সিংহ: অচিনাকি ব্যক্তিৰ লগত কোনো ধৰণৰ কাম আৰম্ভ নকৰিব, বিপদ হ’ব। ব্যৱসায় দিশত শুভ ফল। আর্থিক দিশত বহু বেছি ভাল নহয়।

কন্যা: মনত কিছু অহেতুক চিন্তাই ঠাই। ল’লেও আপোনাৰ উপস্থিত বৃদ্ধিৰ দ্বাৰা আঁতৰিব পাৰে। পৰাপক্ষত পঢ়া-শুনাৰ প্ৰতি গুৰুত্ব দিয়ক। কর্মত খ্যাতি বৃদ্ধিৰ যোগ।

তুলা: কর্মত মজলীয়া প্ৰভাৱ। নিজৰ উদ্দেশ্য সাধনত ব্রতী হওক। পাৰিবাৰিক দিশত অশান্তি হ’ব পাৰে। নতুন কোনো ব্যৱসায়ত সফল হ’ব। প্রেম-প্রীতিত উদাস চিন্তা।

বৃশ্চিক: বন্ধু-বান্ধৱৰ লগত মন খুলি ক’লেও মূল কথা ব্যক্ত নকৰিব। কিছু আহুকালৰ মাজেদি সদা প্রয়োজনীয় কর্ম সম্পাদিত হ’ব। শিক্ষার্থীসকলৰ বাবে ভাল যোগ।

ধনু: পৰাপক্ষত টকা-পইচাৰ লেনদেন নিজৰ হাতেৰে কৰিব। মা-দেউতাৰ প্রতি দায়িত্ব পালন নকৰাৰ বাবে সংসাৰত অশান্তিৰ সৃষ্টি হ’ব। বিবাহৰ প্ৰস্তাৱ আহিব পাৰে।

মকৰ: অতিৰিক্ত ক্রোধৰ ফলত অশান্তিৰ সৃষ্টি হ’ব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত শুভ ফল। গুৰুজনৰ কথাত বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন। প্ৰেমত শুভ ফল।

কুম্ভ: সম্পত্তিক লৈ সমস্যা হ’ব পাৰে। আনক সহায় কৰিব যোৱাত নিজে বিপদ পৰিব। সাংসাৰিক দিশত শান্তি বজায় থাকিব। হাতলৈ টকা-পইচা আহিব যদিও খৰচ বৃদ্ধি।

মীন: চাকৰিৰ ফালৰ পৰা বিদেশ যাত্ৰা হ’ব পাৰে। বিদ্যার্থীসকলৰ বাবে নতুন যোগ আহিব পাৰে। আপোনাৰ ব্যৱহাৰে আজি আপোনাক সম্মানিত কৰাব।

Exit mobile version