Video Message To Media KLO:সংবাদ মাধ্যমলৈ ভিডিঅ’ বাৰ্তা প্ৰেৰণ কমতাপুৰ লিবাৰেশ্যন অ’ৰ্গেনাইজেশ্যনৰ

মাৰ্জাৰ এগ্ৰিমেণ্টৰ জৰিয়তে পৃথক কমতাপুৰ গঠনৰ কাম সম্পূৰ্ণ কৰাৰ দাবী, জীৱন সিংহৰে আলোচনা পিছুৱাই থাকিলে লোকসভা নিৰ্বাচন বৰ্জনৰ হুংকাৰ

klo

Video Message To Media KLO:

চৰকাৰৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল কমতাপুৰ লিবাৰেশ্যন অ’ৰ্গেনাইজেশ্যন চমুকৈ কেএলঅ’ ৷ সংবাদ মাধ্যমলৈ ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰি কমতাপুৰ লিবাৰেশ্যন অ’ৰ্গেনাইজেশ্যনৰ দাবী মাৰ্জাৰ এগ্ৰিমেণ্টৰ জৰিয়তে পৃথক কমতাপুৰ গঠনৰ কাম
তৰাম্বিত কৰক চৰকাৰে ৷

কেন্দ্ৰ আৰু অসমৰ বিজেপিৰ ডবল ইঞ্জিন চৰকাৰৰ দিনতে দিনতে এই কাম সম্পন্ন কৰাৰ দাবী সশস্ত্ৰ সংগঠনটোৰ। একেদৰে কেএল অ ‘ কেডাৰৰ পুনৰ সংস্থাপন আৰু কমতাপুৰী ভাষাক স্বীকৃতি প্ৰদানৰো দাবী উদ্থাপন সংগঠনটোৰ ।

ভিডিঅ বাৰ্তাটোত সংগঠনৰ নেতৃবৰ্গৰ দাবী কেএল অ’প্ৰতিষ্ঠাপক তথা চৰকাৰৰ আহবানত আলোচনাৰ মজিয়ালৈ অহা জীৱন সিংহৰে চৰকাৰে বিভিন্ন অজুহাত দেখুৱাই আলোচনা পিছুৱাই থকা কাৰ্যক তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয়, আলোচনা বিলম্ব হৈ থাকিলে আগন্তুক লোকসভা নিৰ্বাচন বৰ্জন কৰা হ’ব ।

Exit mobile version