180 Kg Ganja Seiz In Tripura:ত্ৰিপুৰাত আৰক্ষী- অসম ৰাইফলছৰ অভিযানত জব্দ ১৮০ কেজি গাঞ্জা

ganja seized

180 Kg Ganja Seized In Tripura:

চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত জব্দ বুজন পৰিমাণৰ গাঞ্জা । খোৱাই জিলাৰ আৰক্ষী আৰু অসম ৰাইফলছৰ যুটীয়া দল এটাই বিশেষ খবৰৰ ভিত্তিত এখন ইকো বাহনত অৰ্তকিতে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ গাঞ্জা ।‌

বৃহস্পতিবাৰে খোৱাই থানাৰ অন্তৰ্গত চেৰমা তালাচী চকীত নিয়মীয়া তালাচী চলাই থকা অৱস্থাত টি আৰ- ০১বিএছ-০৭২৯ নম্বৰৰ ইকো বাহন এখনৰ গোপন চেম্বাৰৰ পৰা জব্দ কৰে ৯টা গাঞ্জাৰ পেকেট আৰু এই পেকেটৰ পৰা উদ্ধাৰ কৰে ১৮০ কেজি গাঞ্জা দ

জব্দকৃত গাঞ্জাখিনিৰ মুল্য প্ৰায় ৭৫.৫ লাখ টকা বুলি সদৰি কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ইকো বাহনৰ চালকক ৷

গাঞ্জা সৰবৰাহৰ কামত ব্যৱহ্ত এখন স্কুটী আৰু এখন মটৰ চাইকেলো আৰক্ষীয়ে জব্দ কৰে ।

Exit mobile version