Delhi Cm :দিল্লীত সকলোৱে লাভ কৰিব বিনামূলীয়া বিদ্যুৎ

কেজৰিৱালৰ নতুন আঁচনি

bhaben

Delhi Cm :

লোকসভাৰ আসন্ন নিৰ্বাচনৰ পূৰ্বে দিল্লীৰ মুখ্যমন্ত্রী আৰু আম আদমী পার্টি (আপ) ৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে দিল্লীবাসীক বৃহৎ উপহাৰ আগবঢ়ালে।

কেজৰিৱালে ঘোষণা কৰা অনুসৰি, দিল্লী চৰকাৰে নতুন সৌৰনীতি ২০২৪ প্ৰৱৰ্তন কৰিলে।” বর্তমানলৈকে দিল্লীত ২০১৬ৰ নীতি বলবৎ হৈ আছিল। এই নীতিব অধীনত দিল্লীত ২০০ ইউনিটলৈকে বিদ্যুৎ বিনামূল্যে যোগান ধৰা হয় আৰু ৪০০ ইউনিটলৈকে অর্ধেক ইউনিটৰ মাচুল আদায় কৰা হয়।

নতুন সৌৰনীতিৰ অধীনত দিল্লীত যিসকল বাসিন্দাই বাসগৃহৰ চাদত ছ’লাৰ পেনেল স্থাপন কৰিব, তেওঁলোকৰ বিদ্যুৎ বিল শূন্য হ’ব। এনে পৰিয়ালে যিমানে বিদ্যুৎ ব্যয় নকৰক কিয় তেওঁলোকে বিল আদায় দিব নালাগে।

এই পদ্ধতিৰে দিল্লীবাসীয়ে মাহে ৭০০-৯০০ টকালৈকে বিদ্যুৎ বিল ৰাহি কৰিব পাৰে। অৰ্থাৎ এই আঁচনিৰ অধীনত দিল্লীত প্রায় সকলো বাসিন্দাই বিনামূলীয়া বিদ্যুৎ সেৱা লাভ কৰিব পাৰিব।

Exit mobile version