Jharkhand Chief Minister Hemant Soren is likely to be Arrested:গ্ৰেপ্তাৰ হ’ব পাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন !

ভূমি কেলেংকাৰী আৰু ধন সৰবৰাহৰ গোচৰৰ বাবে, দিল্লী বাসগৃহত ইডিয়ে তালাচী চলাই জব্দ কৰে ৩৬ লাখ টকা সহ বহু নথি, জব্দ বিএম ডব্লিউ বাহন, মুখ্যসচিব,গৃহসচিব,ডিজিপিক ৰাজভৱনলৈ তলৱ ৰাজ্যপালৰ

hemant soren

Jharkhand Chief Minister Hemant Soren is likely to be Arrested:

ঝাৰখণ্ডৰ ভূমি কেলেংকাৰী আৰু ধন সৰবৰাহৰ গোচৰৰ বাবে ইডিয়ে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক ইতিপূৰ্বেই দহবাৰকৈ চমন জাৰি কৰিছিল যদিও প্ৰতিবাৰেই চমন আওকান কৰি আহিছল যদিও শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ইডিয়ে

সোমবাৰে দক্ষিণ দিল্লীৰ ৫/১ শান্তি নিকেতনৰ বাসগৃহত মুখ্যমন্ত্ৰী গৰাকী বাহৰ পাতি থকিৰ সম্ভেদ লাভ কৰি বাসগৃহ ইডিৰ বিশেষ দল উপস্থিত হয় যদিও মুখ্যমন্ত্ৰী গৰাকীৰ নাপালে ৷ বাসগৃহত তালাচী চলাই ৩৬ লাখ নগদ ধন আৰু বহু নথি আৰু হেমন্ত ছোৰেনৰ বিলাস বিএম ডব্লিউ বাহন খন জব্দ কৰে।

আনহাতে ৰাঁচীৰ বাসগৃহত যোৱা ৪০ ঘন্টা সময় ধৰি মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ সন্ধান পোৱা নাই বুলি ইডিয়ে প্ৰকাশ কৰিছিল যদিও আজি মুখ খুলিলে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ তেওঁ কয় ,আগন্তুক বাজেট প্ৰস্তুত সন্দৰ্ভত আলোচনাৰ বাবে তেওঁ সতীৰ্থ মন্ত্ৰী- বিধায়কৰে আলোচনাৰ বাবে ৰাঁছীতে আছে  ৷ বাজেটৰ কামত ব্যস্ত আছিল বুলি ইডিলৈ ই-মেইল ছোৰেনৰ ৷

ইপিনে, ৰাঁচীৰ কেইবাটাও স্থানত জাৰি কৰা হৈছে ১৪৪ ধাৰা । আনকি হেমন্ত ছোৰেনৰ চৰকাৰী আবাসগৃহ, ৰাজভৱন, ইডি কাৰ্যালয়ৰ ১০০ মিটাৰ দূৰত্বলৈ ১৪৪ বলৱৎ কৰা হৈছে ।

আনহাতে ,এনে ঘটনাক্ৰমৰ মাজতে ৰাজ্যপালে ৰাজ্য খনৰ মুখ্যসচিব,গৃহসচিব, আৰু ডিজিপিক ৰাজভৱনলৈ তলৱ কৰে ৷

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰকাশ কৰা বাতৰি অনুসৰি যিকোনো মুহূৰ্ততে ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক ৷

আনহাতে মুখ্যমন্ত্ৰী ছোৰেনক ইখনৰ পাছত সিখনকৈ চমন দি হাৰাশাস্তি কৰাৰ অভিযোগ কৰি আজি ঝাৰখণ্ড মুক্তি মৰ্চাৰ কে’বা শতাধিক কৰ্মীয়ে ৰাঁছীত ইডিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

শেহতীয়া খবৰ অনুসৰি ৪০ ঘন্টাৰ অন্তত এক অজ্ঞাত স্থানৰ পৰা এখন বাহনৰে মুখ্যমন্ত্ৰী ছোৰেন উপস্থিত হয় ৰাঁছীৰ চৰকাৰী বাসগৃহত ৷  চৰকাৰী আবাসত জেএম এম বিধায়কৰে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছে মুখ্যমন্ত্ৰী ছোৰেন ৷

 

 

Exit mobile version