Chirang:চিৰাঙত বাল্য বিবাহ সন্দৰ্ভত বিশেষ আদালতৰ গুৰুত্বপুৰ্ণ ৰায়দান

বাল্য বিবাহক লৈ কাজলগাঁও সত্ৰ ন্যায়াধীশৰ বিশেষ আদালতৰ এই গুৰুত্বপুৰ্ণ ৰায়দান

criminal

Chirang:

চিৰাঙত বাল্য বিবাহ সন্দৰ্ভত বিশেষ আদালতৰ গুৰুত্বপুৰ্ণ ৰায়দান। বাল্য বিবাহক লৈ কাজলগাঁও সত্ৰ ন্যায়াধীশৰ বিশেষ আদালতৰ এই গুৰুত্বপুৰ্ণ ৰায়দান।

গৰুভাষা আৰক্ষী চকীৰ অন্তৰ্গত জুঁইলগা গাঁৱৰ বাসিন্দা চামুয়েল হাছদাৰ পুত্ৰ প্ৰবীছন হাছদাক বাল্যবিবাহ কৰা অপৰাধত আজি কাজলগাঁও সত্ৰ ন্যায়াধীশৰ বিশেষ আদালতে এই ঐতিহাসিক ৰায়দান কৰে।

বাল্যবিবাহ কৰা দৰা প্ৰবিছন হাছদাক আইনৰ অধীনত ২০ বছৰৰ কাৰাদণ্ড আৰু ১০ হেজাৰ টকা জৰিমনা। জৰিমনা অনাদায়ে অতিৰিক্ত এবছৰৰ সশ্ৰম কাৰাদণ্ডৰ নিৰ্দেশ আদালতৰ।

বাল্য বিবাহক লৈ চৰকাৰে কঠোৰ স্থিতি লোৱাৰ সময়তে আদালতৰ এই ৰায়দানে বিশেষ তাৎপৰ্য্য বহন কৰিছে ।

Exit mobile version