UGC Allows MPhil in Two Subjects Despite Declaring Them Illegal:অবৈধ ঘোষণাৰ পাছতো দুই বিষয়ত এমফিলৰ অনুমতি ইউজিচিৰ

ugc

UGC Allows MPhil in Two Subjects Despite Declaring Them Illegal:

যোৱা ডিচেম্বৰত এক বিজ্ঞপ্তি জাৰি কৰি বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউজিচি)-এ ভাৰতত এমফিল ডিগ্রী অবৈধ বুলি ঘোষণা কৰিছিল।

শিক্ষার্থীসকলক এমফিল পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ পৰা বিৰত থাকিবলৈকো ইউজিচিয়ে পৰামৰ্শ দিছিল। কিন্তু মাত্র দুমাহৰ পাছত এমফিল বিষয়ৰ এই সিদ্ধান্ত কিছু সলনি কৰি কেন্দ্ৰৰ স্বতন্ত্র শৈক্ষিক সংস্থাটোৱে।

ইউজিচিয়ে শেহতীয়া নির্দেশনাত উল্লেখ কৰা অনুসৰি মনোসমাজবিদ্যা (চাইকিয়াট্রিক ছ’চিয়েল ৱৰ্ক) আৰু মনোবিদ্যা (ক্লিনিকেল ছাইক’ল’জি) বিষয়ত শিক্ষার্থীয়ে এমফিল পাঠ্যক্রম অধ্যয়ন কৰিব পাৰিব।

২০২৫-২৬ শিক্ষাবর্ষ পর্যন্ত এই নিয়ম জাৰি থাকিব। আয়োগৰ নতুন বিজ্ঞপ্তি প্রকাশৰ ফলত এই দুই বিষয়ত চলিত শিক্ষাবর্ষত এমফিল পাঠ্যক্ৰমত নামভৰ্তিত বাধা নাথাকিব।

Exit mobile version