Hundreds of People Have Flocked to Pink Land:পিংক লেণ্ড লৈ ঢাপলি মেলিছে শ শ লোক !

জামুগুৰিহাটত বনৰীয়া ফুলৰ দৃষ্টিনন্দন শোভাই হাতবাউলি মাতিছে সকলোকে

flower

Hundreds of People Have Flocked to Pink Land:

বনৰীয়া ফুলেও নান্দনিক হৈ পৰিছে জামুগুৰিহাটত। নিজে নিজে গজি উঠা এই অনামী ফুলে আকর্ষণ কৰিছে সকলোকে। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ এখন পথাৰত শ শ বিঘা মাটিত ফুলি থকা বেঙুনীয়া ৰঙৰ বনৰীয়া ফুলৰ দৃষ্টিনন্দন শোভাই এতিয়া হাতবাউলি মাতিছে সকলোকে।

শেহতীয়াকৈ ‘পিংক লেণ্ড’ হিচাপে পৰিচিত বনৰীয়া ফুলৰ এই নান্দনিক সৌন্দর্য পান কৰিবলৈ পথাৰখনত এতিয়া প্রতিদিনাই সমাগম হৈছে শ শ লোকৰ।

জামুগুৰিহাটৰ পশ্চিমাঞ্চলত তথা নৱনির্মিত চকীঘাট দলঙৰ আৰু জামুগুৰিহাটৰ চাৰিশাৰীযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে ফুলি থকা এই ফুলৰ সৌন্দৰ্য উপভোগ কৰিছে বৃদ্ধৰ পৰা যুৱক-যুৱতী সকলোৱেই।

অকল স্থানীয় ব্যক্তিয়েই নহয় ৰাষ্ট্ৰীয় ঘাইপথৰে অসমৰ বিভিন্ন স্থানলৈ যোৱা ব্যক্তিসকলে গাড়ী ৰখাই এতিয়া এই ফুলনীত বহি উঠিছে একপিকৈ ফটো। যুৱক-যুৱতীসকলেও নিজৰ নিজৰ ম’বাইলত লৈছে ছেলফী।

বেঙুনীয়া বনৰীয়া ফুলৰ সৌন্দৰ্যত বিভোৰ সকলো। বনৰীয়া ফুলৰ বেঙুনীয়া দলিচাত খন্তেক জিৰাবলৈ মতলীয়া সকলো। একপ্ৰকাৰ ক’বলৈ গ’লে এতিয়া জামুগুৰিহাটৰ পশ্চিমাঞ্চলৰ এই ধেমাজি পথাৰ এতিয়া পৰিণত হৈছে ছেলফী জ’নত

উল্লেখ্য যে বিগত বৰ্ষত পোন প্ৰথমবাৰৰ বাবে আৱিষ্কাৰ হোৱা এই পথাৰখনত ফুলা এই ফুলক লৈ সমগ্ৰ ৰাজ্যখনতে চর্চা লাভ কৰিছিল। দুর্ভাগ্যজনক যে যোৱা বছৰত জামুগুৰিহাটৰ এই পথাৰখনত ফুলিবলৈ লোৱা এই বনৰীয়া ফুলৰ ওপৰত একাংশ অবিবেচক লোকে চলাইছিল চৰম অত্যাচাৰ।

ছেলফি উঠাৰ নামত হাঁহি হাঁহি ফুলি থকা অনামী গুলপীয়া ফুলবোৰ হাতেৰে মোহাৰি ছিঙি ধ্বংস কৰাই নহয় একাংশ স্থানীয় উদণ্ড যুৱকে বাইক ষ্টান্ট কৰি ফুলবোৰ নষ্ট কৰি পেলাইছিল যদিও এইবাৰ যাতে প্রকৃতিয়ে উপহাৰ হিচাপে দিয়া এই ফুলৰ সৌন্দৰ্য কোনেও হানি কৰিব নোৱাৰে তাৰ প্ৰতি গুৰুত্ব ৰাখিবলৈ সচেতন ৰাইজে আহ্বান জনাইছে।

Exit mobile version