Tamulpur Incident:তামুলপুৰৰ শুকানজুলি-পাহাৰপুৰ ফায়াৰিং ৰেঞ্জত পুনৰ অঘটন

বোমা-বাৰুন্দৰ অৱশিষ্ট বুটলিবলৈ গৈ মৃত্যু যুৱকৰ, নিহত যুৱকজন উত্তৰকুছিৰ লক্ষ্মীৰাম চৰেন, আঘাতপ্রাপ্ত হৈছে জিৰা হাজদা নামৰ যুৱক এজন

firing renge

Tamulpur Incident:

তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তত পুনৰ সংঘটিত হয় এক অঘটন শুকানজুলি-পাহাৰপুৰ ফায়াৰিং ৰেঞ্জত বোমা-বাৰুদৰ অৱশিষ্ট বুটলিব গৈ শুক্ৰবাৰে পুৱাতে কৰুণ মৃত্যুক সাৱতি লয় এজন যশৱকী।

উল্লেখ্য যে,শুকানজুলি-পাহাৰপুৰ ফায়াৰিং ৰেঞ্জত ভাৰতীয় সেনাই নিয়মীয়া বোমা -বাৰুদৰ প্ৰশিক্ষণ লয় সময়ে সময়ে ৷ শুক্ৰবাৰে পুৱাতে লক্ষ্মীৰাম চৰেন আৰু জিৰা হাজদা নামৰ যুৱকদ্বয়ে ফায়াৰিং ৰেঞ্জত বোমা-বাৰুদৰ অৱশিষ্ট বুটলিব লওতেই হঠাতে বিস্ফোৰিত হয় ৮১ মৰ্টাৰ ৷

থিতাতে কৰুণ মৃত্যুক সাবটি ল’লে লক্ষ্মীৰাম চৰেন নামৰ যুৱকজন ৷ আনহাতে এই ঘটনাত আঘাতপ্ৰাপ্ত হয় হৰতোলা গাঁওৰ জিৰা হাজদা। ৩২ বছৰীয়া নিহত যুৱকজনৰ ঘৰ বাক্সা জিলাৰ উত্তৰকুছিত ৷

মনকৰিবলগীয়া যে,কিছুদিনৰ পূৰ্বেও সেনাৰ এই ফায়াৰিং ৰেঞ্জত সেনাৰ সশস্ত্ৰ প্ৰশিক্ষণ চলি থকা সময়তে ৰেঞ্জৰ ভিতৰত বোমা- বাৰুদৰ অৱশিষ্ট বুটলিবলৈ গৈ মৰ্টাৰ বিস্ফোৰিত হৈ কৰুণ মৃত্যু হৈছিল এজন যুৱকৰ ৷

Exit mobile version