Diet During The Rainy Season:বৰ্ষাৰ খাদ্যাভ্যাস

rainy food

Diet During The Rainy Season:

এতিয়াৰ বতৰত বৰষুণত তিতাৰ মজা যিমান, সিমানেই আকৌ চিন্তাত পেলায় শৰীৰে। কাৰণ এনে বতৰত ছর্দি, কাহ, জুৰ, মেলেৰিয়া, ডেংগু আদিৰ পৰা সাৱধানে থাকিবলগীয়া হয়। কিন্তু সুস্থ হৈ থকাৰ মূলমন্ত্র লুকাই থাকে সুন্দৰ স্বাস্থ্যত। আনহাতে, সুন্দৰ স্বাস্থ্যৰ চাবিকাঠি আছে সঠিকভাবে খোৱা-বোৱাত। সেয়ে বৰষুণৰ দিনবোৰত কেনে ডায়েট গ্রহণ কৰিলে শৰীৰ সুস্থ হৈ থাকিব সেয়াও জনা দৰকাৰ-

অত্যাধিক লবণযুক্ত আৰু গধুৰ আহাৰ এৰাই চলিব। এই ধৰণৰ খাদ্যই পানী শুহি লয়, ফলত শৰীৰৰ অন্তর্ভাগ শুকাই যায়। এনে সময়ত ছ’ডিয়ামৰ পৰিমাণ বেছি থকা- নিমখ খোৱা উচিত।

বৰষুণৰ দিনবোৰত বেছি মাছ-মাংস নোখোৱাই ভাল। ডায়েটত অত্যধিক পৰিমাণে পাচলি, ফল আৰু শস্যজাত আহাৰ ৰাখিব।

শুকান খাদ্য খাবলৈ চেষ্টা কৰিব। ওট্‌ছ, কৰাইগুড়ি আদি খাদ্যই শৰীৰক পুষ্টি দান কৰে। অত্যধিক জ্বলা মছলাযুক্ত আহাৰো পৰিহাৰ কৰিব। এইবোৰে শৰীৰত পানীৰ ভাৰসাম্যতা নষ্ট কৰে।

এইবোৰ দিনত সৰিয়হৰ বা অধিক তেলযুক্ত আহাৰ পৰিহাৰ কৰিব পাৰিলে ভাল।

ছালাদ আৰু বহু দেৰি কাটি থোৱা ফল এইবোৰ দিনত একেবাৰে নাখাব। এই সময়ত এনে খাদ্যৰ পৰা বৰ সহজে সংক্রমণ বিয়পে।

তেতেলী, আচাৰ, চাটনি আদি অত্যধিক টেঙাযুক্ত খাদ্য নোখোৱাই ভাল। এনে খাদ্যয়ো শৰীৰৰ পৰা পানী শুহি লয়।

বাহিৰত খোৱাৰ সময়ত মাহজাতীয় তথা দুগ্ধজাত খাদ্য পৰিহাৰ কৰি চলিব।

Exit mobile version