Topcem ASJA Media Sports Festival:টপচেম এ এছ জে এ মিডিয়া ক্রীড়া সমাৰোহ ৩ মাৰ্চৰ পৰা

asju

Topcem ASJA Media Sports Festival:

অসম ক্রীড়া সাংবাদিক সংস্থা (এ এছ জে এ)ৰ উদ্যোগত টপচেম এ এছ জে এ মিডিয়া ক্রীড়া সমাৰোহ অহা ৩ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব ৷ এই সমাৰোহত বেডমিন্টন, টেবল টেনিছ, দাবা, ছেভেন এ ছাইড ফুটবল আৰু টী-২০ ক্রিকেট প্রতিযোগিতা অনুষ্ঠিত হ’ব ৷

সমাৰোহৰ আন্তঃসংবাদ মাধ্যম বেডমিন্টন প্রতিযোগিতা আৰ জি বৰুৱা ক্রীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত আৰম্ভ হ’ব ৩ মাৰ্চত। পুৰুষৰ দলীয় আৰু ছিংগলছৰ লগতে মহিলাৰ কেৱল ছিংগলছৰ ইভেন্ট থাকিব।

আনহাতে, সমাৰোহৰ টেবল টেনিছ ইভেন্ট ৪ মাৰ্চত আৰ জি বৰুৱা ক্রীড়া প্রকল্পৰে এবিটা ইনড’ৰ ষ্টেডিয়ামত আয়োজন কৰা হৈছে৷ পুৰুষৰ দলীয় আৰু ছিংগলছৰ লগতে মহিলাৰ ছিংগলছৰ ইভেন্টৰ খেল অনুষ্ঠিত হ’ব এই প্রতিযোগিতাত । এই দুয়োটা ইভেন্টত যোগদান কৰিবলৈ বিচৰা ইচ্ছুক খেলুৱৈসকলক ৰাজদীপ দাস (৯৮৫৪৫ ১৪৭৪৯/৮০১১১ ৬০০৪৪) অথবা আব্দুল গনিৰ (৯৮৫৯১ ২৪৮৭৬/৮৪৭৩৯ ৪৬১৫৩) সৈতে যোগাযোগ কৰিবলৈ কোৱা হৈছে ৷

খেল আৰম্ভ হ’ব দিনৰ ১০ বজাৰ পৰা৷ ইফালে, দবা ইভেন্ট অনুষ্ঠিত হ’ব ৬ মার্চত৷ এ এছ জে এৰ কার্যালয়ত অনুষ্ঠিত হ’বলগীয়া এই ইভেন্ট পুৰুষ আৰু মহিলা সাংবাদিকৰ বাবে মুকলি থাকিব। ইচ্ছুক খেলুৱৈসকলে যোগদানৰ বাবে মৃদুমোলয় লুখুৰাখনৰ (৯৮৬৪০ ৮০৯৮৭/৭০০২০ ৩৮৪১২) সৈতে যোগাযোগ কৰিব লাগিব।

আনহাতে, হৰেন্দ্ৰ নাথ বৰুৱা সোঁৱৰণী ফুটবল আৰু মিডিয়া টী-২০ ক্রিকেট ১৮ মাৰ্চৰ পৰা নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ১৮ মার্চত ফুটবল প্রতিযোগিতা অনুষ্ঠিত হোৱাৰ বিপৰীতে ১৯ আৰু ২০ মাৰ্চত অনুষ্ঠিত হ’ব ক্রিকেট প্রতিযোগিতা। ফুটবলত অংশগ্রহণ বাবে পার্থ চক্ৰৱতীৰ সৈতে যোগাযোগ কৰিব লাগিব।

কেৱল কৰ্মৰত সাংবাদিক আৰু সংবাদকর্মীয়েহে ভাগ ল’ব পাৰিব এই প্রতিযোগিতাসমূহত। এই কেউটা ইভেন্টৰ বিষয়ে অধিক জানিবলৈ সন্থাৰ সম্পাদক ইমতিয়াজ আহমেদ (৯৪৩৫১ ৪০১২৬/৯১০১৪ ০৮০০৯) অথবা কোষাধ্যক্ষ পার্থ চক্ৰৱৰ্তীৰ (৯৮৬৪০ ৩৬৭৮৪) সৈতে যোগাযোগ কৰিবলৈ কোৱা হৈছে ৷

Exit mobile version