Fire breaks out at shopping mall in Dhaka; 43 dead, several people injured:বাংলাদেশৰ ঢাকাত ভয়ংকৰ অগ্নিকাণ্ড

সাতমহলীয়া অট্টালিকাত সংঘটিত অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৪৩ ,আহত ৪০,জীৱন্তে উদ্ধাৰ ৭৫

bangla 1

Fire breaks out at shopping mall in Dhaka; 43 dead, several people injured:

চুবুৰীয়া বাংলাদেশৰ ৰাজধানী চহৰ ঢাকাত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাবটি লয় ৪৩ জন লোকে ৷ আনহাতে শোকাৱহ ঘটনাটোত আহত হয় ৪০ আৰু উদ্ধাৰকাৰী দলে জীৱন্তে উদ্ধাৰ কৰে ৭৫জনক ৷

দেশখনৰ ৰাজধানী চহৰ ঢাকাৰ বেইলী ৰোডত অৱস্থিত এটা সাতমহলীয়া অট্টালিকাত বৃহস্পতিবাৰে নিশা এখন বিৰিয়ানী ৰেষ্টুৰেণ্টত অগ্নিকাণ্ড সুত্ৰপাত হয় ৷

উল্লেখ্য যে,অট্টালিকাটোৰ এটা মহলা ব্যৱসায়িক কামত ব্যৱহাৰ কৰা হৈছিল। খাদ্যৰ দোকানৰ বাহিৰেও সেই অট্টালিকাত কাপোৰ-কানি, মোবাইল আদিৰ দোকান আছিল।

আনহাতে ,সাতমলীয়া সুবিশাল অট্টালিকাটোৰ দ্বিতীয় মহলাত আছিল এখন বিৰিয়ানীৰ প্ৰস্তুতকাৰী ৰেষ্টুৰেণ্ট। এই বিৰিয়ানী দোকান খনৰ পৰা সুত্ৰপাত হোৱা জুয়ে আগুৰি ধৰে কে’বাটাও মহলা ৷ অগ্নিকাণ্ডত বিস্ফোৰিত হয় বহুকেইটা ৰন্ধন গেছৰ চিলিণ্ডাৰ ।

লাহে লাহে ওপৰলৈ বিয়পি পৰিল জুই। তলৰ পৰা ওপৰলৈ জুই বিয়পি পৰাত বহু লোক ঘৰৰ ভিতৰত আবদ্ধ হৈ পৰে। জুই আৰু ধোঁৱাৰ পৰা হাত সাৰিবলৈ বহুতে ছাদত আশ্ৰয় লৈছিল। বহুমহলীয়া ভৱনটোৰ ভিতৰৰ পৰা মুঠ ৭৫ জন লোকক জীৱন্তে অৱস্থাত উলিয়াই আনে উদ্ধাৰকাৰী দলে। ইয়াৰে ৪০ জনক ততাতৈয়াকৈ ভৰ্তি কৰা হয় নিকটৱৰ্তী ঢাকা মেডিকেল কলেজ আৰু শ্বেখ হাছিনা নেচনেল ইনষ্টিটিউট অৱ বাৰ্ন এণ্ড প্লাষ্টিক চাৰ্জাৰীত ৷

নিশা ১০ সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ সম্ভেদ লাভ কৰাৰ পাছতে ঘটনাস্থলীত উপস্থিত হোৱা মুঠ ১৩খন অগ্নি নির্বাপন বাহনৰ সহায়ত অগ্নিনিৰ্বাপক বাহিনীৰ লোকে দুঘণ্টাৰ প্ৰচেষ্টাৰ অন্তত নিশা প্ৰায় ১১:৫০ বজাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

ইয়াৰ পাছতে যুদ্ধকালীত তৎপৰতাৰে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাবটি লোৱা দুৰ্ভগীয়া লোককেইজনৰ মৃতদেহ উদ্ধাৰ কৰে । এই কৰুণ ঘটনাৰ পাছতে বাংলাদেশৰ স্বাস্থ্যমন্ত্ৰী সমন্তলাল সেনে ঢাকা মেডিকেল কলেজ আৰু শ্বেখ হাছিনা নেচনেল বাৰ্ন এণ্ড প্লাষ্টিক চাৰ্জাৰী ইনষ্টিটিউটত চিকিৎসাধীন হৈ থকা লোকসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে সকলোৰে চিকিৎসাৰ ব্যয় চৰকাৰে বহন কৰিব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে ৷

তেওঁ অগ্নিকাণ্ডটোত ‘এতিয়ালৈকে ৪৩ জন লোকৰ মৃত্যু হৈছে বুলি উল্লেখ কৰে এই সংখ্যা বাঢ়িব পাৰে বুলি প্ৰকাশ কৰে ৷

আনহাতে ঢাকা প্ৰসাসনে শোকাৱহ ঘটনাটোৰ উচ্চপৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে ৷ বাংলা প্ৰধানমন্ত্ৰী শেখ হাচিনাৰ কৰুণ ঘটনাটোত মৃত্যু হোৱা লোক সকলৰ প্ৰতি গভীৰ সমবেদনা জনোৱাৰ লগতে আহত সকলৰ আশু আৰোগ্য কামনা কৰে ৷ শুক্ৰবাৰে পুৱাৰে ঘটনাস্থলীত উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযানত জপিয়াই পৰে ৷

মনকৰিবলগীয়া যে,ঢাকাত স্থিত সুবিশাল অট্টালিকা সমূহ সম্প্ৰতি আবাসী সকলৰ বাবে মৰণফান্দত পৰিণত হৈছে ৷ কিয়নো সঘনাই সংঘটিত হোৱা অগ্নিকাণ্ডত বহুলোকৰ প্ৰাণহানী হৈছে ৷

মুলত: অগ্নিনিৰ্বাপক নিয়ম উলংঘা কৰাৰ বাবে দেশখনৰ ঢাকা সহ প্ৰায় কেইখন চহৰৰ সুউচ্চ অট্টালিকা বা ফেক্টৰীত প্ৰায়ে অগ্নিকাণ্ড সংঘটিত হোৱাটো নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে ৷

২০১০ ত ঢাকা মহানগৰীৰ এটা ৰাসায়নিক কাৰখানাত সংঘটিত অগ্নিকাণ্ডত ১২৪ জন লোকে প্ৰাণ গৈছিল । ২০১৯ ত মহানগৰ খনৰ মাজমজিয়াতস্থিত কে’বামহলীয়া অট্টালিকাত সংঘটিত অগ্নিকাণ্ডত ২৭ জন লোকে প্ৰাণ হেৰুৱাৰ বিপৰীতে একেটা বছৰতে আন এক অগ্নিকাণ্ডত ৭১ জন লোকে কৰুণ মৃত্যুক সাবটি লয় আৰু বহুজন আহত হয়।

Exit mobile version