Horoscope: দিনটোৰ ৰাশিফল
মেষ: কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে। অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি লাভ। শৰীৰ পিছে খুব ভালেৰে যোৱা টান হ’ব। পাৰিবাৰিক সমস্যা থাকিব। শুভ ৰং ৰঙা।
বৃষ: কর্মস্থানত আৰু পাৰিবাৰিক ক্ষেত্ৰত খুব উৎসাহজনক দেখা নাযায়। নিজে ভবা মতে সকলো দিশেই ভাল ফল নাপাব। ভ্রমণাদিত অন্যমনস্ক নহ’ব। শুভ ৰং ক’লা।
মিথুন: আজি কিছু ফৰকাল। বিদ্যার্থীৰ বাবেও বেয়া নহ’ব। তথাপি আপোন কোনো মানুহৰ স’তে মানসিক দ্বন্দ্বব সৃষ্টি হ’লেও ক্ষতিকাৰক। নহ’ব। প্রেম-প্রণয়ত শুভ। শুভ ৰং সেউজীয়া।
কর্কট: কামত উৎসাহ পাব। ঘৰুৱা দিশতো সহানুভূতি থাকিব। দাম্পত্যত কিছু সমস্যা থাকিলেও দুশ্চিন্তা নাই। নিজে সক্রিয় ভূমিকা ল’লে অসম্পূর্ণ বিষয়ত অগ্রগতি ল’ব। শুভ ৰং বগা।
সিংহ: অলপ সতর্ক হৈ চলক। নতুন কাম-কাজৰ আৰম্ভণিত আহুকাল থাকিব। বন্ধু-বান্ধৱৰ পৰাও ভাল সহানুভূতি নাপাব। শৰীৰৰ দুৰ্বলতা থাকিব। বিদ্যাত মধ্যম। শুভ ৰং হালধীয়া।
কন্যা: সাৱধানেৰে কামত আগুৱাওক। শৰীৰৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব। দাম্পত্যত নিজৰ আবেগ-অনুভূতিক কক্ষ কৰি নুতুলিব। সন্তানৰ ভালেই। পঢ়া-শুনাত দৃঢ়তাৰ দৰকাৰ হ’ব। শুভ ৰং নীলা।
তুলা: সৃষ্টিমূলক চুক্তি আদিত অনুকূলত থাকিব। পৰিয়ালৰ স’তে ভ্ৰমণৰ উপযোগী হ’ব পাৰে। ব্যৱসায়-বাণিজ্যত মজলীয়া ফল পাব। প্রেম-প্রীতিত ভালেই দেখা যায়। শুভ ৰং ক্রীম।
বৃশ্চিক: কিছু পৰিমাণে মনটো ফৰকাল থাকিব। কোনো সংযোগ তথা দক্ষতাৰ বাবে আনৰ পৰা প্ৰশংসা পাব। ব্যস্ততাৰ মাজেৰে কৰা সিদ্ধান্তত উদ্বেগৰ সৃষ্টি যেন দেখিলে মনোবল বঢ়াওক। শুভ ৰং বগা।
ধনু: ব্যৱসায়ৰ ক্ষেত্ৰত নজৰ ৰাখিব। কিন্তু দাম্পত্যত শাৰীৰিক দুশ্চিন্তা আৰু কর্মক্ষেত্রত বাধা আহিব পাৰে। বিদ্যাত শুভ। প্রেম-প্রণয়ত ‘আনন্দ। শুভ ৰং মেৰুণ।
মকৰ : আৰ্থিক দিশত খৰচৰ মাত্রা অত্যধিক হ’ব যদিও ব্যৱসায় বাণিজ্যত আয়ৰ মাত্রা বৃদ্ধি পাব। বিদ্যাত পাৰিবাৰিক বাধা আহিব পাৰে। প্রেম-প্রণয়ত শুভ। শুভ ৰং গুলপীয়া আৰু ৰঙা।
কুম্ভ: অংশীদাৰী ব্যৱসায়ত উন্নতিৰ কাৰকতা। আর্থিক দিশত বন্ধুৰ দ্বাৰা ক্ষতি হ’ব পাৰে। বিদ্যাত সফলতা পাব। প্রেম-প্রণয়ত আৱেগ বৃদ্ধি পাব। শুভ ৰং গুলপীয়া।
মীন: শাৰীৰিক দুশ্চিন্তাৰ কাৰণ নাই। নানা শুভ সংবাদ আৰু আনন্দৰ মাজেৰেই দিনটো পাৰ হ’ব। চাকৰিয়ালৰ কৰ্মক্ষেত্ৰত সমস্যা আহিব পাৰে। বন্ধুবৰ্গৰ কৰা প্ৰতাৰিত হ’ব পাৰে। শুভ ৰং সেউজীয়া।