Horoscope: দিনটোৰ ৰাশিফল
মেষ: কর্মক্ষেত্রত জটিলতা থাকিব যদিও সাফল্য আহিব। আর্থিক আয় উন্নতিৰ ক্ষেত্ৰত দিনটো শুভ ফলদায়ক হ’ব। দুপৰীয়াৰ পাছত কর্মক্ষেত্ৰত পৰিবৰ্তন আহিব। ঘনিষ্ট বন্ধুৰ পৰা সতৰ্কতা অৱলম্বন কৰিব। ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰি ৰাধা-কৃষ্ণৰ পূজা-অর্চনা কৰিব।
বৃষ: বিশেষ কোনো কামৰ বাবে কৰা চেষ্টাত সাফল্য আহিব। সামাজিক কর্মত সাফল্য আহিব। অযথা মানসিক চিন্তা বৃদ্ধিৰ ফলত পাৰিবাৰিক সমস্যা দেখা দিব পাৰে। আয় উন্নতিৰ বাবে দিনটো শুভ যদিও, ব্যয়ৰ পৰিমাণেও বৃদ্ধি পাব।
মিথুন: কর্মক্ষেত্রত অশান্তি বৃদ্ধি পাব। শত্রুৱে ক্ষতি কৰাৰ চেষ্টা কৰিব, গতিকে শত্ৰুৰ গতিবিধিৰ ওপৰত লক্ষ্য ৰাখিব লাগিব। নতুন কামত হাত নিদিব। সন্তানৰ শৰীৰৰ কাৰণে চিন্তা আৰু অর্থ ব্যয়। নতুন প্রচেষ্টাত সাফল্যৰ যোগ।
কর্কট: মানসিক চঞ্চলতাৰ কাৰণে দৈনন্দিন কামৰ ক্ষতি। আৰ্থিক ক্ষেত্রত পৰিৱৰ্তন আহিব ৷নিজৰ ভুলৰ কাৰণে ডাঙৰ ক্ষতিৰ সন্মুখীন হ’ব পাৰে। বিশিষ্ট লোকৰ সহায়ত নিবনুৱাৰ কৰ্ম প্ৰাপ্তিৰ যোগ। ব্যৱসায়ত মধ্যম ফল।
সিংহ: কৰ্মক্ষেত্ৰত পৰিৱেশ অনুকূল থাকিব। ঘনিষ্ঠ বন্ধুৰ লগত কিবা বিষয়লৈ ভুল বুজাবুজি হ’ব পাৰে। ব্যৱসায়ত শুভ যদিও যৌথ ব্যৱসায়ৰ ক্ষেত্রত মতানৈক্য হ’ব পাৰে। নতুন কোনো পৰিকল্পনা বাস্তৱত পৰিণত হ’ব ন পাবে। সিংহ ৰাশিৰ জাতক-জাতিকাই ৰঙা বস্তু পৰিধান কৰিব।
কন্যা: চাকৰিৰ ক্ষেত্ৰত অপ্রত্যাশিতভাবে জটিলতা দেখা দিব পাৰে। ব্যৱসায়- বাণিজ্যত আগতকৈ ভাল ফল আশা কৰিব পাৰে। নতুন যোগাযোগত সাফল্য আহিব। অযথা ব্যয়-বৃদ্ধিৰ ফলত মানসিক উদ্বেগ বৃদ্ধি পাব পাৰে। কিবা বিষয়লৈ পতি-পত্নীৰ মাজত মতানৈক্য দেখা দিব পাৰে।
তুলা: কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব। পৰিশ্ৰমৰ তুলনাত আয় কম হ’ব। পত্নীৰ শৰীৰৰ কাৰণে চিন্তা আৰু অৰ্থ ব্যয়। গুৰুত্ব নিদিয়াৰ কাৰণে একাধিক সুযোগ হাত এৰা দিব পাৰে। শত্রুপক্ষই বদনাম কৰাৰ চেষ্টা কৰিব। উচ্চ বিদ্যাৰ্থীৰ বাবে দিনটো শুভ ফলদায়ক। প্রেমত অশুভ।
বৃশ্চিক: কর্মক্ষেত্রত সহকর্মীৰ লগতে মতবিৰোধ হ’ব পাৰে। মনৰ আশা পূৰণৰ যোগ। ভবা মতে আর্থিক উন্নতিৰ ক্ষেত্ৰত বাধা থাকিব। বিষয় সম্পদলৈ পাৰিবাৰিক অশান্তি। শৰীৰত আঘাত প্ৰাপ্তিৰ যোগ।
ধনু: কর্মক্ষেত্রত সন্মান প্ৰাপ্তিৰ যোগ। ব্যৱসায়-বাণিজ্যত মধ্যম ফল। আর্থিক খং আৰু জিদৰ কাৰণে ডাঙৰ ক্ষতি হ’ব পাৰে। কর্মসূত্ৰে মনৰ সুযোগ 7 আহিব পাৰে। প্ৰেম আৰু দাম্পত্য শান্তি বজাই থাকিব। ব্যৱসায় শুভ।
মকৰ : সামাজিক কামৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। নিজৰ শৰীৰ স্বাস্থ্যৰ বিষয়ে সতর্ক হ’ব লাগিব। নিজৰ ঘনিষ্ঠ লোক শত্রুতা কৰিব পাৰে। শত্রুবে প্রতিমুহূৰ্তত বাধা দিয়াৰ চেষ্টা কৰিব। পাৰিবাৰিক ক্ষেত্ৰত অশান্তি বৃদ্ধি।
কুম্ভ: কর্মক্ষেত্র সহক্ষেত্ৰত সহকৰ্মীৰ পৰা মানসিক আঘাত পাব পাৰে। অপৰিচিত লোকৰ পৰা সতৰ্কতা অৱলম্বন কৰিব। কর্মক্ষেত্রত ব্যস্ততা বাঢ়িব। যদিও সেই অনুপাতে ফল নাপাব। বিদ্যার্থী মধ্যম।
মীন: চাকৰি ক্ষেত্ৰত উন্নতি। পাৰিবাৰিক বিষয়কলৈ কাজিয়া-পেচাল হ’ব পাৰে। বন্ধুৰ কামত ব্যস্ত থকাৰ ফলত নিজৰ কামত ক্ষতি। শৰীৰৰ প্রতি লক্ষ্য ৰাখি চলিব। আর্থিকত বিশেষ শুভ নহয় যদিও একেবাৰে বেয়া নহ’ব।