Horoscope: দিনটোৰ ৰাশিফল
মেষ: পৰিৱেশ অনুকূলত থাকিব। ঘৰত কোনো প্রিয়জনৰ আগমন ঘটিব দিনটোৰ ৰাশিফল পাৰে। নতুন কোনো কামত সফল হ’ব পাৰিব। বিশেষ কিবা পৰিৱৰ্তনৰ আশা নকৰাই ভাল হ’ব। আর্থিক উন্নতিৰ বাবে দিনটো শুভ ফলদায়ক হ’ব। ব্যৱসায়ত উন্নতি। প্রেমত অশুভ ফল।
বৃষ: সাংসাৰিক দিশত মানসিক আঘাত পাব পাৰে। ক্রোধ নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা কৰক। দুপুৰীয়াৰ পাছত আর্থিক ক্ষেত্ৰত ভাল ফল আশা কৰিব পাৰি। বাধাৰ মাজেৰে কৰ্মত সাফল্যৰ যোগ। ব্যৱসায়-বাণিজ্যত মধ্যম ফলদায়ক।
মিথুন: শুভ বুধৰ প্ৰভাৱত আয় উন্নতিৰ বাবে দিনটো শুভ ফলদায়ক হ’ব। কর্মক্ষেত্রত অশান্তি। বুধ শুভ হোৱাৰ বাবে ব্যৱসায়-বাণিজ্যত উন্নতি অব্যাহত থাকিব। নতুন যোগৰ ক্ষেত্ৰত সাফল্য আহিব। দিনটোত নতুন কোনো পৰিকল্পনা গ্রহণ কৰিব পাৰে। দাম্পত্য আৰু প্ৰেমত শুভ ৷
কর্কট: মনৰ অৱস্থা বিশেষ ভালেৰে নাযাব। একাধিক সুযোগ সুবিধা বেয়া হ’ব পাৰে। বিভিন্ন কাৰণত দিনটোত আর্থিক ব্যয়ৰ পৰিমাণ বৃদ্ধি পাব। পাৰিবাৰিক দিশত কিবা বিষয়লৈ কোনোবাৰ লগত মতান্তৰ দেখা দিব পাৰে। ভ্ৰমণৰ যোগ। প্রেমত শুভ।
সিংহ: পাৰিবাৰিক দিশত অশুভ। পত্নীৰ কাৰণে চিন্তা। অশুভ ৰাহুৰ কাৰণে আয় উন্নতিৰ ক্ষেত্ৰত বাধা থাকিব। ব্যৱসায়-বাণিজ্যত অৱশ্যে সিমান বেয়া নহ’ব। প্রেম, দাম্পত্য বা পাৰিবাৰিক বিষয়লৈ কাজিয়া-পেচালৰ সম্ভাৱনা।
কন্যা: পৰিশ্ৰমৰ অনুপাতে দিনটোত আয় উন্নতি ক’ম হ’ব। শত্রুপক্ষৰ বিৰোধিতাৰ সন্মুখীন হ’ব পাৰে। শাৰিৰীক দিশত অৱশ্যে শান্তি বজাই থাকিব। কর্মক্ষেত্রত সহকর্মীৰ সহযোগিতা পাব। ব্যৱসায়-বাণিজ্যৰ বাবে দিনটো মধ্যম ফলদায়ক। প্রেম আৰু দাম্পত্যত শুভ।
তুলা: বিশেষ কোনো গুণৰ বাবে সন্মান প্ৰাপ্তিৰ যোগ। ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ ফলদায়ক হ’ব। আর্থিক ক্ষেত্রত দিনটো শুভ ফলদায়ক হ’ব যদিও মানসিক অশান্তি থাকিব। কর্মক্ষেত্ৰত সৰু-সুৰা সমস্যা আছে।
বৃশ্চিক: শনি অশুভ হোৱা বাবে খং-ৰাগ অত্যাধিক বৃদ্ধি পাব। অত্যাধিক বৃদ্ধি পাব। অনাবশ্যক কাৰণত টক-পইচা ঋণ কৰিব লগা হ’ব পাৰে। অৱশ্যে দিনটোত মনৰ আশা পূৰণৰ যোগ দেখা যাব। দুৰ্ঘটনাৰ যোগ।
ধনু: শাৰীৰিক দিশত আঘাত প্ৰাপ্তিৰ যোগ, গতিকে চলাফুৰাত সতর্ক থাকিব। কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব যদিও সেই অনুপাতে আর্থিক উন্নতিৰ ক্ষেত্ৰত বাধা থাকিব। কর্ম প্রতি উৎসাহ বৃদ্ধি পাব। বিদ্যাৰ্থীৰ মধ্যম ফল।
মকৰ: কৰ্মক্ষেত্ৰত খ্যাতি আৰু সুনাম বৃদ্ধিৰ যোগ। কিছুক্ষেত্ৰত নায্য প্রাপ্তিৰ পৰা বঞ্চিত হ’ব পাৰে। পাৰিবাৰিক ক্ষেত্রত মধ্যম ফলদায়ক হ’ব। আবেলিৰ ভাগত আর্থিক ক্ষেত্ৰত পৰিৱৰ্তন লক্ষ্য কৰা যায়।
কুম্ভ: কর্মক্ষেত্রত দায়িত্ব বৃদ্ধি পাব। আর্থিক উন্নতিৰ বাবে কৰা চেষ্টাত সাফল্য আহিব। আর্থিক ক্ষেত্রত দিনটো শুভ ফলদায়ক হ’ব যদিও দৈনন্দিন খৰচা পৰিমাণ আৰু বৃদ্ধি পাব। পিতৃ-মাতৃৰ শৰীৰৰ কাৰণে চেষ্টা থাকিব ৷
মীন: মীন ৰাশিৰ বাবে দিনটো শুভ বুলি ক’ব পাৰি। আবেলি ভাগত কিছু জামেলা দেখা দিব পাৰে। বৃহস্পতিৰ শুভ প্রভাৱত নিবনুৱা জাতক-জাতিকাৰ কৰ্ম প্ৰাপ্তিৰ যোগ ৷ব্যৱসায়- বাণিজ্যত শুভ ফলদায়ক হ’ব ৷