Horoscope: দিনটোৰ ৰাশিফল
মেষ: কর্মক্ষেত্রত সাফল্য আহিব। দিনটোত নিটক আত্মীয় দ্বাৰা মানসিক আঘাত পাব পাৰে। সামাজিক কামত সম্মান প্রাপ্তিৰ যোগ। দিনটোত পুৰণি বন্ধু লগ পাব পাৰে।
বৃষ: সামাজিক কামত সাফল্য আহিব। প্রয়োজনত বন্ধুৰ সহায়-সহযোগ লাভ কৰিব। নিজৰ দোষত জটিল সমস্যাত পৰিব পাৰে। সন্তানৰ কৰ্মপ্ৰাপ্তিৰ ফলত পিতৃ-মাতৃৰ মানসিক আনন্দ লাভ।
মিথুন: কর্মক্ষেত্রত অপ্রত্যাশিতভাবে জটিলতা দেখা দিব পাৰে। দিনটোত শত্ৰুৱে ক্ষতিৰ চেষ্টা কৰিব। গতিকে শত্ৰুৰ গতিবিধিৰ ওপৰত লক্ষ্য ৰাখিব। দিনটোত বিবাদৰ নিষ্পত্তি আশা কৰিব পাৰে।
কর্কট: কর্মক্ষেত্রত লাগি থকা সমস্যাবোৰৰ সমাধান আশা কৰিব পাৰে। চাকৰি ক্ষেত্ৰত সুনাম বৃদ্ধিৰ যোগ। মানসিক আঘাত পাব পাৰে।
সিংহ: পৰিকল্পিত অগ্ৰসৰৰ ক্ষেত্ৰত বাধা পৰিব পাৰে। আর্থিক ক্ষেত্রত শুভ যদিও ধন সঞ্চয়ৰ সম্ভাৱনা কম। ব্যৱসায়ত পৰিধি বিস্তাৰ লাভৰ যোগ।
কন্যা: দৈনন্দিন কর্মত সাফল্য আহিব। কাজিয়া পেচালৰ নিষ্পত্তি আশা কৰিব পাৰে। সন্তানৰ দ্বাৰা পিতৃ-মাতৃৰ সন্মান বৃদ্ধি যোগ। জুইৰ পৰা দিনটোত সতর্কতা অৱলম্বন কৰিব।
তুলা: কর্মক্ষেত্রত জটিলতা বৃদ্ধি পাব। দিনটোত শুভ সংবাদ প্ৰাপ্তিৰ যোগ আছে। ব্যৱসায়ত অপ্রত্যাশিতভাৱে জটিলতাই দেখা দিব পাৰে।
বৃশ্চিক: কর্মক্ষেত্রত মানসিক চাপ থাকিব। সন্তানে পিতৃ-মাতৃৰ মনত আনন্দ দিব। আর্থিক উন্নতিৰ বাবে ভাল কিবা সুযোগ আহিব পাৰে।
ধনু: সামাজিক কামত আত্মমর্যাদা বৃদ্ধিৰ যোগ। মনৰ আশা পূৰণ হ’ব পাৰে। সন্তানৰ বিদ্যা শিক্ষাকলৈ পিতৃ-মাতৃৰ চিন্তাত থাকিব। নতুন যোগাযোগৰ ক্ষেত্ৰত সাফল্য আহিব।
মকৰ: কৰ্মক্ষেত্ৰত সহকর্মীৰ লগত সম্পৰ্ক ভাল ৰখাৰ চেষ্টা কৰিব। অযথা কাৰোবাৰ লগত বিবাদত হ’ব পাৰে। বিশেষ কামত সাফল্য আহিব।
কুম্ভ: দৈনন্দিন কর্মত সাফল্য আহিব। ঘৰুৱা শান্তি বিঘিনিত হ’ব পাৰে। সামাজিক কামত ব্যস্ততা বৃদ্ধি পাব। আর্থিক ক্ষেত্কত শুভ যদিও ব্যয়ৰ পৰিমাণো বৃদ্ধি পাব।
মীন: কর্মক্ষেত্রত কামৰে চাপ বৃদ্ধি পাব পাৰে। বিবাদত জয়ী হোৱাৰ সম্ভাৱনা আছে। দিনটোত নতুনকৈ চিন্তা ধাৰণা কৰিব পাৰে। বিনা কাৰণত সন্মান হানিৰ যোগ, প্ৰেমত সাফল আহিব।