Horoscope: দিনটোৰ ৰাশিফল

horoscope

Horoscope: দিনটোৰ ৰাশিফল

মেষ: আয় উন্নতিৰ বাবে দিনটো শুভ যদিও ব্যয়বহলতাৰ কাৰণে সঞ্চয় নহ’ব।.. বিপত্তি থকা সত্ত্বেও লক্ষ্যত উপনীত হ’ব পাৰিব। আকস্মিকভাবে প্রাপ্তি যোগ ঘটিব পাৰে। কিবা কাৰণত মানসিক অশান্তিত ভুগিব পাৰে। প্ৰেমত শুভ।

বৃষ: কর্মক্ষেত্রত সুখ্যাতি লাভ। ভ্রাতৃৰ লগত মতৰ অমিল দেখা দিব পাৰে। চকুৰ সমস্যাত ভুগিব পাৰে। অযথা অর্থ নাশ হ’ব পাৰে। ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত কোনো শুভ নহ’ব। উচ্চ বিদ্যার্থীৰ উন্নতিৰ যোগ।

মিথুন: নিজৰ ভুলৰ কাৰণে ভাল সুযোগ হাত এৰা হ’ব পাৰে। দৈনন্দিন কাম-কাজত বাধাৰ মাজেৰে অগ্রগতি, আকস্মিক কোনো অপ্ৰীতিৰ ঘটনাৰ সন্মুখীন হ’ব পাৰে। গতিকে সাৱধানতা অৱলম্বন কৰিব। আর্থিকত মধ্যম ফল।

কর্কট: নিজৰ কোনোবাৰ লগত বিবাদৰ সূত্রপাত ঘটিব পাৰে। বুধৰ শুভ প্ৰভাৱৰ ফলত ব্যৱসায়-বাণিজ্যত শুভ প্ৰভাৱ পৰিব। গৃহ নিৰ্মাণৰ পৰিকল্পনা গ্রহণ কৰিব পাৰে। বিনা কাৰণত অপবাদৰ ভয় আছে।

সিংহ: অশুভ ৰাহুৰ কাৰণে কৰ্মত পদোন্নতিৰ ক্ষেত্ৰত বাধা থাকিব। ৰাহুৰ অশুভ প্রভাৱৰ ফলত শত্ৰুৰ বেয়া নজৰত পৰিব পাৰে। পাৰিবাৰিক ক্ষেত্রত শান্তি বিঘ্নিত হ’ব পাৰে। বিদ্যার্থীৰ মানসিক চঞ্চলতা বৃদ্ধিৰ ফলত বিদ্যাত বাধা।

কন্যা: বুধৰ শুভ প্রভাৱত সম্পদ লাভৰ যোগ। কৰ্মসূত্রে বাহিৰলৈ যোৱাৰ যোগ। দাম্পত্যত সুখ আৰু শান্তি বজাই থাকিব। খং নিয়ন্ত্ৰণত ৰাখিব। বিনা কাৰণত মানহানিৰ যোগ, গতিকে সতর্কতা অৱলম্বন কৰিব।

তুলা: আর্থিক ক্ষেত্রত উন্নতিৰ যোগ। কিবা কাৰণত মানসিক পীড়াত ভুগিব পাৰে। যোগ্যতা অনুযায়ী নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যোগ। বন্ধু বিয়োগৰ যোগ। কিবা কাৰণত মনত ভয়ৰ সঞ্চাৰ হ’ব পাৰে। প্ৰেমত অশুভ।

বৃশ্চিক: যোগ্যতা অনুযায়ী কৰ্ম পৰিৱৰ্তনৰ যোগ দিব পাৰে। আর্থিক ক্ষেত্রত শুভ যদিও সঞ্চয় নহ’ব। বিদ্যার্থীৰ মধ্যম ফলদায়ক।

ধনু: নিবনুৱাৰ কৰ্মলাভৰ যোগ। কর্মক্ষেত্ৰত বিশৃংখল দেখা দিব পাৰে। আত্মীয়ৰ কাৰণে ক্ষতিগ্রস্ত হ’ব পাৰে। মূৰৰ বিষত কষ্ট পাব পাৰে। আকস্মিকভাৱে কোনো বিতৰ্কৰ সোমাব পাৰে। প্ৰেম আৰু দাম্পত্যত অশুভ ফলদায়ক।

মকৰ: অন্য ব্যক্তিৰ সহায়ত উন্নতিৰ যোগ। কর্মক্ষেত্রত ব্যৱস্থা বৃদ্ধি পাব যদিও আর্থিক ক্ষেত্রত কোনোৰে ভাল ফল নাপাব। সন্তানৰ কৰ্ম প্ৰাপ্তিৰ যোগ। শৰীৰ স্বাস্থ্য সম্পর্কে সচেতন থাকিব। বিদ্যার্থীৰ শুভ ফলদায়ক।

কুম্ভ: পৰিকল্পিত কর্মত ব্যাঘাত ঘটিব পাৰে। বাধা-বিপত্তি সত্ত্বেও বিদ্যার্থীৰ সাফল্য আহিব। যান-বাহন চলোৱাৰ পৰা সতৰ্ক থাকিব। আর্থিক ক্ষেত্ৰত উন্নতিৰ যোগ আছে যদিও অপ্রত্যাশিতভাবে বাধা দেখা দিব পাৰে।

মীন: কর্মক্ষেত্রত একাধিক সুযোগ সুবিধা আহিব। গুপ্ত শত্ৰুৰ পৰা সতৰ্ক থাকিব। বস্তু কিনা-বেচাৰ বাবে দিনটো শুভ ফলদায়ক হ’ব। গুৰুজনৰ লগত কিবা কাৰণত মতানৈক্য দেখা দিব পাৰে। প্ৰেম আৰু দাম্পত্যত শুভ ফলদায়ক।

Exit mobile version