Horoscope: দিনটোৰ ৰাশিফল

horoscope

Horoscope: দিনটোৰ ৰাশিফল

মেষ: নানান প্রতিকূল পৰিস্থিতিৰ মাজেৰে দিনটো পাৰ হ’ব। স্বাস্থ্যগত নানা অসুবিধা থাকিব। পাৰিবাৰিক শান্তি বিঘ্নিত হ’ব পাৰে। নিকটজনৰ লগত সম্পৰ্কৰ বিচ্ছেদ ঘটিব পাৰে। আর্থিক পৰিস্থিতি চিন্তাজনক হ’ব।

বৃষ: দৈনন্দিন কর্মত সাফল্য আহিব। নিকটজনৰ লগত সম্পৰ্ক ভালেই থাকিব। কৰ্মত বিপদৰ শংকা নাথাকিব। ব্যস্ত হৈ পৰাৰ কাৰক। আজি আপুনি সেউজীয়া ৰং ব্যৱাৰ কৰিব। দূৰ ভ্ৰমণৰ সম্ভাৱনা আছে।

মিথুন: পৰিৱেশ অনুকূলত থকাৰ ফলত এই ৰাশিৰ জাতক-জাতিকাৰ সন্মান লাভৰ সৌভাগ্য হ’ব। সংসাৰ জীৱনত আনন্দ আৰু সম্প্রীতি বজাই থাকিব। ব্যৱসায়ত মধ্যম ফল। বিদ্যার্থীৰ সাফল্য আহিব।

কর্কট: বিৰূপ পৰিস্থিতিৰ চাপত আজি এই ৰাশিৰ জাতক -জাতিকাই অর্থনৈতিক সংকটত পৰা আশংকা আছে। শৰীৰ আদিৰ বাবে দুশ্চিন্তা কম। অনুকূল ফল আশা কৰিব পাৰে। আর্থিক দিশত ঠিকেই থাকিব।

সিংহ: কর্মক্ষেত্রত সম্মান প্রাপ্তিৰ যোগ। শৰীৰ স্বাস্থ্য বিশেষ ভালেৰে নাযাব। কিন্তু মনোমত সংযোগ প্রাপ্তিত বাধা পাব। আজি পৰাপক্ষত যাত্রা নকৰিব। যাত্ৰা কৰিলেও পুৱা ভাগতহে কৰিব।

কন্যা: অনুকূল পৰিস্থিতিৰ কাৰণে এই ৰাশিৰ জাতক -জাতিকাৰ বিভিন্ন দিশত সাফল্য লাভৰ যোগ দেখা যায়। শৰীৰ স্বাস্থ্য মোটামোটি ভালেই যাব। আর্থিক ক্ষেত্রত শুভ যদিও বিভিন্ন কাৰণতে ব্যয়ৰ পৰিমাণ বৃদ্ধি পাব।

তুলা: এই ৰাশিৰ জাতক -জাতিকা সকলোৰে দিনটো শুভ ফলদায়ক হ’ব। আর্থিক লাভৰ বিশেষ যোগ নাথাকিলেও কোনো লোকৰ পৰা আনন্দিত হ’ব। ধৰুৱাত পূৰ্বৰ তুলনাত উন্নত।

বৃশ্চিক: এই ৰাশিৰ জাতক -জাতিকা সকলোৰে দিনটো মধ্যম ফলদায়ক হ’ব কমাৰ বাবে উদ্বেগ থাকিব। যোগাযোগ কৰি উৎসাহ পাব। সাংসাৰিক জীবনত মধ্যম ফলদায়ক। অর্থনৈতিক দিশত মধ্যম আশা কৰিব পাৰে।

ধনু: দৈনন্দিন কর্মত সাফল্য আহিব। এই ৰাশিৰ জাতক- জাতিকাৰ সন্তান সুখ লাভৰ যোগ দেখা যায়। জ্ঞাতি-কুটুম্ব, বাহিৰত থকা কোনোলৈ কিছু চিন্তা।

মকৰ : কৰ্মক্ষেত্ৰত মধ্যম ফলদায়ক হ’ব। সাংসাৰিক শান্তি বিৰক্তিওহ’ব পাৰে। এই ৰাশিৰ জাতক জাতিকা সকলোেৰ অশান্তিপূৰ্ণ হ’ব। শৰীৰ স্বাস্থ্য বৰ ভালেৰে নাযাব। গতিকে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰখা আৱশ্যক হ’ব।

কুম্ভ: কর্মক্ষেত্রত মধ্যম ফলদায়ক। পিত-মাতৃলৈ অৱশ্যে চিন্তা থাকিব। ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত মধ্যম ফল। অচিনাকি লোকৰ পৰা সতৰ্কতা অৱলম্বন কৰিব। প্ৰেমত সম্পৰ্কৰ উন্নতি ঘটিব।

মীন: কর্মক্ষেত্রত সাফল্য আহিব পাৰে। ফলদায়ক দিনটোত অনাৱশ্যক কাৰণত অৰ্থ আৰু মান হানিৰ যোগ। ব্যৱসায়-বাণিজ্যত মধ্যম ফল। অর্থ সম্পদলৈ পাৰিবাৰিক সমস্যা দেখা দিব পাৰে। প্ৰাপ্যধন প্ৰাপ্তিৰ ক্ষেত্ৰত অযথা বাধা থাকিব। বিদ্যাৰ্থীৰ বাহিৰলৈ যোৱাৰ যোগ।

Exit mobile version